নিউজ ডেস্ক, ১৫ জুনঃ সোমবাৰ পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি মহামাৰী COVID-19ত আক্ৰান্ত হয় ৭৯,৮২,৮২২ ৰো অধিক লোক । তাৰ ভিতৰত মৃত্যু হয় প্ৰায় ৪,৩৫,১৬৬ গৰাকী । আনহাতে, আৰোগ্য হৈ উঠে ৪১,০৩,৯৮৪ গৰাকী লোক ।
আনহাতে, চীনৰ ৰাজধানী বেইজিঙত মহামাৰী COVID-19 প্ৰতিৰোধ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা সময়তে দেওবাৰে ৰাজধানী বেইজিঙত ৪৯ গৰাকী ব্যক্তিৰ দেহত মহামাৰী COVID-19ৰ উপস্থিতি লাভ কৰে বুলি সদৰী কৰে ।
বেইজিঙৰ এখন শাক-পাচলিৰ বজাৰৰ ৩৬ গৰাকী ব্যক্তিৰ দেহত ধৰা পৰে COVID-19ৰ উপস্থিতি । তাৰোপৰি বাকী কেইগৰাকী কৰ'ণাত আক্ৰান্ত ৰোগী বহিঃৰাষ্ট্ৰৰ পৰা অহা বুলি উল্লেখ কৰে ।
আনহাতে, ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে বৰ্তমান পৰ্যন্ত ১৭৭ গৰাকী ব্যক্তিৰ ৰিপ'ৰ্ট দাখিল কৰে । তাৰ ভিতৰত ১১৫ গৰাকীৰ ভিতৰত বেলেগ বেলেগ বেমাৰৰ লক্ষণ দেখাৰ উপৰিও কেইবাজনৰ দেহত কৰ'ণাৰ কোনো লক্ষণ নেদেখাৰ পাচতে COVID-19 টেষ্ট পজিটিভ ওলোৱা বুলি সদৰি কৰে ।
উল্লেখ্য যে, চীনত বৰ্তমান পৰ্যন্ত ৮৩,১৮১ জন লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ উপৰিও ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হয় ৪,৬৩৪ গৰাকী লোকৰ ।
লগতে পঢ়ক : অত্যাৱশ্যকীয় সেৱাৰ সৈতে আজিৰে পৰা আৰম্ভ হ'ব মুম্বাই লোকেল ট্ৰেইন