ETV Bharat / bharat

বিশ্বজুৰি COVID-19 ত ক্ষতিগ্ৰস্তৰ তালিকাত পঞ্চম স্থানত ফান্স - ফ্ৰান্স

বিগত ২৪ ঘণ্টাত মহামাৰী কৰ'ণাত আক্ৰান্ত হৈ ফ্ৰান্সত ৪৪ জন ব্যক্তিৰ মৃত্যু হৈছে বুলি সদৰী কৰে স্বাস্থ্য মন্ত্ৰণালয়ে । আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ইটালী আৰু ব্ৰাজিলৰ পাচতে COVID-19 ত আক্ৰান্তৰ দ্বাৰা ক্ষতিগ্ৰস্থ সকলৰ তালিকাত পাঁচ নম্বৰত ফান্স আছে বুলি সদৰী কৰে । তাৰোপৰি ৰাষ্ট্ৰখনত বৰ্তমান পৰ্যন্ত COVID-19 ত আক্ৰান্ত হৈ ২৯,০৬৫ জন লোকৰ মৃত্যু হৈছে বুলিও উল্লেখ কৰে ।

COVID-19
বিশ্বজুৰি COVID-19 ত ক্ষতিগ্ৰস্তৰ তালিকাত পঞ্চম স্থানত ফান্স
author img

By

Published : Jun 5, 2020, 12:14 PM IST

নিউজ ডেস্ক, ৫ জুনঃ বৰ্তমান পৰ্যন্ত সমগ্ৰ বিশ্বজুৰি মহামাৰী কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৬৬,৬৭,০৫৮ জন লোক । আনহাতে, ভাইৰাছত আক্ৰান্ত হৈ ৩,৮৭,৮৯৯ জনৰো অধিক লোকৰ মৃত্যু হয় । লগতে ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ ভিতৰত আৰোগ্য হৈছে ৩১,৬৪,২৫৩ জন ।

স্বাস্থ্য মন্ত্ৰণালয়ে বৃহস্পতিবাৰ সদৰী কৰে যে, বিগত ২৪ ঘণ্টাত ফ্ৰান্সত COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হৈছে ৪৪ জন লোকৰ । যাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰখনত বৰ্তমান পৰ্যন্ত কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা ২৯,০৬৫ জনলৈ বৃদ্ধি পায় ।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন, ইটালী আৰু ব্ৰাজিলৰ পাচতে মহামাৰী COVID-19 ত আক্ৰান্ত তথা ভাইৰাছৰ দ্বাৰা ক্ষতিগ্ৰস্থ দেশসমূহৰ ভিতৰত পাঁচ নম্বৰত নাম অন্তৰ্ভুক্ত হৈছে ফ্ৰান্সৰ ।

ফ্ৰান্সে দেশখনৰ অৰ্থ ব্যৱস্থা পূৰ্বস্থিতিলৈ ঘূৰাই আনিবলৈ ২জুনৰ পৰা ৰাষ্ট্ৰখনৰ কেফে, ৰেষ্টুৰেণ্ট, বাৰ খুলিবলৈ অনুমতি প্ৰদান কৰে । সামাজিক দূৰত্ব তথা প্ৰশাসনে বান্ধি দিয়া নিয়মৰ মাজেৰে পুনৰ স্বাভাৱিক জীৱনৈ সকলো ঘূৰি আহিব বুলিও ঘোষণা কৰে ফ্ৰান্স প্ৰশাসনে ।

কিন্তু ৰাষ্ট্ৰখনত আগন্তুক ১৪ জুলাইত পেৰিছৰ চেম্পছ এলিচীজত অনুষ্ঠিত হ'বলগীয়া 'বেষ্টিল দিৱস'ত পৰম্পৰা সৈন্য পেৰেড বাতিল কৰা হয় বুলিও সদৰী কৰে ফ্ৰান্সে । COVID-19 ৰ প্ৰতি লক্ষ্য ৰাখিয়ে পৰম্পৰা সৈন্য পেৰেড বাতিল কৰা হৈছে বুলি বৃহস্পতিবাৰে মন্তব্য কৰে ফান্সৰ ৰাষ্ট্ৰপতিয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.