ETV Bharat / bharat

বিশ্বজুৰি COVID19 আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

author img

By

Published : Apr 8, 2020, 12:57 PM IST

সমগ্ৰ বিশ্বত COVID19ত আক্ৰান্ত হৈ প্ৰায় 80000 লোকৰ মৃত্যু ঘটিছে ৷ বৰ্তমানেও অব্যাহত আছে এই বীজাণুৰ সংক্ৰমণ ৷ আমেৰিকা, ইটালী, স্পেইন আদিত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছে কৰ'ণা ভাইৰাছে ৷

Global COVID-19 tracker
Global COVID-19 tracker

নিউজ ডেস্ক, 8 এপ্ৰিল : মহামাৰীৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছত বৰ্তমানলৈকে বিশ্বত আক্ৰান্ত হৈছে 14,31,706 গৰাকী লোক আৰু মৃত্যু ঘটিছে 82,080 গৰাকী লোকৰ ৷ তাৰোপৰি প্ৰায় 3,025,150 গৰাকী লোকে আৰোগ্য লাভ কৰিছে COVID19ৰ পৰা ৷

কাহ আৰু হাঁচিৰ দ্বাৰা এই বীজাণু সংক্ৰমণ হয় ৷ প্ৰায় সংখ্যক আক্ৰান্তৰ ক্ষেত্ৰত অনুৰূপ লক্ষণ পৰিলক্ষিত হয় ৷ বিশেষকৈ বৃদ্ধ আৰু ৰোগগ্ৰস্ত সকলৰ বাবে ই মৃত্যুৰ কাৰক হৈ উঠে ৷

Global COVID-19 tracker
COVID19 আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য

নিউয়ৰ্কত শেহতীয়াকৈ 731 গৰাকী লোক নতুনকৈ মৃত্যু হৈছে ৷ চহৰখনত কৰ'ণা প্ৰাদুৰ্ভাৱ ঘটাৰ পৰা বৰ্তমানলৈ এইয়াই সৰ্বোচ্চ সংখ্যা ৷ ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কিছু সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে বিষয়াসকলে ৷ নিউয়ৰ্কত মৃত্যু হোৱা লোকৰ সংখ্যা 5,849 গৰাকী ৷ সমগ্ৰ আমেৰিকাত প্ৰায় 370,000 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে 11000 লোকৰ ৷

মৃত্যুৰ হাৰ বৃদ্ধিৰ কাৰণ হৈছে , শেহতীয়াকৈ হাস্পতাল সমূহত ৰোগীৰ ভৰ্তিৰ সংখ্যা হ্ৰাস ৷ ক্যুম'য়ে কয় যে, জটিলভাৱে ৰোগগ্ৰস্ত হৈ প্ৰথমৰ পৰাই চিকিৎসাধীন হৈ থকা লোকৰ মৃত্যুৱে এই সংখ্যা সূচায় ৷

ইটালীত 24 ঘন্টাত 3039 গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে ৷ প্ৰদুৰ্ভাৱৰ পৰাই বৰ্তমানলৈ দেশখনত আক্ৰান্তৰ সংখ্যা হ্ৰাস পোৱা নাই ৷ সৰ্বমুঠ ইটালীত আক্ৰান্তৰ সংখ্যা 1,35,586 গৰাকী আৰু মৃত্যু হৈছে 16,523 গৰাকী ৷

এই সংক্ৰামন ৰোধৰ একমাত্ৰ উপায় হৈছে নিজৰ হাত দুখন পৰিস্কাৰকৈ ৰখা ৷ আমেৰিকাৰ ৰোগ নিয়ন্ত্ৰণ আৰু আৰোগ্য কেন্দ্ৰই জনোৱা মতে প্ৰথমে গৰম অথবা ঠাণ্ডা পানীৰে হাত দুখন ধুই তাৰ পাচত চাবোন বা হেণ্ড ৱাচেৰে 20 চেকেণ্ড ঘঁহিব লাগে তাৰ পাচত পুনৰ ধুব লাগে ৷

লগতে পঢ়ক : ভাৰতত COVID19 আক্ৰান্তৰ শেহতীয়া তথ্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.