ETV Bharat / bharat

বিশ্বৰ কৰ'ণা আক্ৰান্তৰ শেহতীয়া তথ্য - COVID19

বিশ্বজুৰি COVID19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 70,000 কাষ চাপিছে ৷ আমেৰিকাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা পৰিলক্ষিত হৈছে ৷ ইটালী আৰু স্পেইনতো অনুৰূপ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ বিশ্বৰ প্ৰায় দুই পঞ্চমাংশ লোক কৰ'ণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ ফলত গৃহবন্ধী হৈ পৰিছে ৷

Global COVID-19 tracker
Global COVID-19 tracker
author img

By

Published : Apr 6, 2020, 12:21 PM IST

নিউজ ডেস্ক, 6 এপ্ৰিল : কৰ'ণা মহামাৰীৰ ফলত সমগ্ৰ বিশ্বত বৰ্তমানলৈ আক্ৰান্ত হৈছে 12,73,712 গৰাকী লোক ৷ আনহাতে 2,62,486 গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে যদিও মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ 69,458 গৰাকী ৷

প্ৰায় সংখ্যক COVID19 আক্ৰান্তৰ ক্ষেত্ৰত প্ৰাথমিক লক্ষণ সমূহ পৰিলক্ষিত হয় ৷ অৱশ্যে বৃদ্ধ আৰু ৰোগগ্ৰস্ত লোকৰ ক্ষেত্ৰত বিশেষকৈ ই মৃত্যুৰ কাৰণ হৈ ধৰা দিছে ৷

বিশ্বৰ কৰ'ণা আক্ৰান্তৰ শেহতীয়া তথ্য
বিশ্বৰ কৰ'ণা আক্ৰান্তৰ শেহতীয়া তথ্য

দেওবাৰে মাত্ৰ এদিনত স্পেইনৰ চিকিৎসালয়ত মৃত্যু হৈচে 357 গৰাকী ৰোগীৰ ৷ কিন্তু ৰাষ্ট্ৰীয় ঘোষণাৰ প্ৰায় 20 দিন পাচত ইয়াৰ সংক্ৰমণৰ গতি হ্ৰাস পাইছে ৷

দেশ খন অধিক ক্ষতিগ্ৰস্তৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে ৷ জানুৱাৰী মাহত ভাইৰাছটো ধৰা পৰাৰ পাচত স্পেইনত নিশ্চিত মৃত্যুৰ সংখ্যা 8078 গৰাকী ৷ ইয়াৰে এক চতুৰ্থাংশ ৰোগীৰ মৃত্যু ঘটিছে হাস্পতালত ৷

শেহতীয়া দুসপ্তাহত ইটালীত প্ৰতিদিনে মৃত্যু হোৱা ৰোগীৰ সংখ্যা হ্ৰাস হ'বলৈ ধৰিছে ৷ ৰাষ্ট্ৰীয় নাগৰিক সুৰক্ষা সংস্থাৰ মুৰব্বী এঞ্জেলো বৰেল্লিয়ে জনোৱা মতে শনিবাৰে আবেলিলৈকে 525 গৰাকী লোকৰ মৃত্যু হৈছিল ৷ 19 মাৰ্চত 827 গৰাকী লোকৰ মৃত্যু হোৱাৰ পাচত এইটোৱেই হৈছে সৰ্বনিম্ন সংখ্যা ৷

লগতে পঢ়ক : বাঘৰ দেহত COVID 19

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.