ETV Bharat / bharat

বিশ্বজুৰি ক'ভিড-19 ৰ পৰিসংখ্যাৰ প্ৰতিবেদন

author img

By

Published : Apr 2, 2020, 12:33 PM IST

বিশ্বজুৰি কৰ'ণা আক্ৰান্ত আৰু মৃত ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি পাবলৈ ধৰিছে ৷ প্ৰায় অৰ্ধলক্ষ হোৱাৰ পথত মৃতকৰ সংখ্যা ৷ আমেৰিকাত ভয়ানকভাৱে কৰ'ণা ভাইৰাছৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷ তাৰোপৰি ইটালী, স্পেইন, জাৰ্মানী, ফ্ৰান্স ইৰাণ আদিতো ক্ৰামগতভাৱে কৰ'ণা আক্ৰান্ত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাইছে ৷

Global COVID-19 tracker
Global COVID-19 tracker

নিউজ ডেস্ক : 2 এপ্ৰিল : ভয়াৱহ কৰ'ণা মহামাৰীত সমগ্ৰ বিশ্বজুৰি প্ৰায় 936,204 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু মুখত পৰিছে প্ৰায় 47,249 গৰাকী ৷ প্ৰায় সংখ্যক লোকৰেই কৰ'ণা ভাইৰাছৰ মজলীয়া অথবা অতি কম পৰিমাণৰ লক্ষণ পৰিলক্ষিত হয় ৷ বিশেষকৈ বয়োজ্যেষ্ঠ আৰু ৰোগগ্ৰস্ত লোক সকলৰ বাবে ই জটিল অথবা মৃত্যুৰ কাৰক হৈ উঠিছে ৷

নিউয়ৰ্কৰ ক'ভিড-19 ত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 72 ঘণ্টাত প্ৰায় দ্বিগুণ বৃদ্ধি হৈ 1941 হৈছেগৈ ৷ এমাহ পূৰ্বে নিউয়ৰ্কত প্ৰথমটো কৰ'ণা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল ৷ ইৰানৰ পৰা অহা এগৰাকী লোকৰ দেহত পোৱা গৈছিল এই ৰোগ ৷ চহৰখনত প্ৰায় 83 হাজাৰ কৰ'ণা আক্ৰান্ত ৰোগী থকাৰ কথা জানিব পৰা গৈছে ৷ সমগ্ৰ আমেৰিকাত বৰ্তমান কৰ'ণা আক্ৰান্তৰ সংখ্যা হৈছে 215,300 গৰাকী ৷ প্ৰায় 5,110 গৰাকী লোকে ইতিমধ্যে মৃত্যুবৰণ কৰিছে আমেৰিকাত ৷

মৃত্যুৰ উপত্যকালৈ পৰিণত হোৱা ইটালীত বৰ্তমানেও অব্যাহত আছে কৰ'ণাৰ সন্ত্ৰাস ৷ শেহতীয়া তথ্য অনুসৰি 110,574 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে ৷ ইটালীত মৃত্যুৰ হাৰ সৰ্বাধিক পৰিলক্ষিত হৈছে ৷ প্ৰায় 13,155 গৰাকী লোকে ইতিমধ্যে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে এই পৰিসংখ্যা প্ৰতি নিয়ত বাঢ়ি গৈ আছে ৷

Global COVID-19 tracker
বিশ্বজুৰি ক'ভিড-19 ৰ পৰিসংখ্যাৰ প্ৰতিবেদন

স্পেইনতো ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণাৰ সংহাৰ ৷ আক্ৰান্তৰ সংখ্যাই লাখৰ ঘৰ অতিক্ৰম কৰা স্পেইনত বৰ্তমানলৈ আক্ৰান্তৰ সংখ্যা 104,118 গৰাকী ৷ আনহাতে মৃত্যুৰ সংখ্যাও যঠেষ্ট বৃদ্ধি পাইছে স্পেইনত ৷ দেশ খনত মৃত্যু হোৱা ৰোগীৰ সংখ্যা 9,387 গৰাকী ৷

জাৰ্মানীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 77,981 গৰাকীলৈ ৷ অৱশ্যে দেশখনত মৃত্যুৰ হাৰ তুলনামূক ভাৱে কম ৷ বৰ্তমানলৈকে 931 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ক'ভিড-19 ত ৷

ফ্ৰান্সত কৰ'ণাত আক্ৰান্ত হৈছে 56,989 গৰাকীলোক ৷ মৃত্যুৰ হাৰ জাৰ্মানীতকৈ ফ্ৰান্সত বেছি পৰিলক্ষিত হৈছে ৷ দেশখনত প্ৰায় 4032 গৰাকী লোকে প্ৰাণ হেৰুৱাব লগা গৈছে এই ৰোগত ৷

ইৰান, ইংলেণ্ড, চুইজাৰলেণ্ড, তুৰ্কী, নেডাৰলেণ্ড আদিতো ক্ৰামগতভাৱে কৰ'ণা ভাইৰাছৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হৈছে ৷ প্ৰতি দিনে আক্ৰান্তৰ সংখ্যাৰ লগতে মৃতকৰ সংখ্যাও বৃদ্ধি পাবলৈ ধৰিছে ৷

ভাৰতত বৰ্তমানলৈ 2032 গৰাকী লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ বিপৰীতে 58 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে ৷ কিন্তু দেখা গৈছে য়ে, ভাৰততো ক্ৰমাগতভাৱে কৰ'ণা ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷

দেখা গৈছে যে, সমগ্ৰ বিশ্বজুৰি কৰ'ণাই ত্ৰাস সৃষ্টি কৰিছে যদিও বৰ্তমানলৈকে কোনো প্ৰতিষেধক আবিস্কাৰ হোৱা নাই কৰ'ণা নিৰ্মূলৰ বাবে ৷ অৱশ্যে 194,578 গৰাকী লোকে ইতিমধ্যে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিছে ৷

লগতে পঢ়ক : ৰাজ্যৰ পৃথক-পৃথক স্থানত শ্ৰমিক কঢ়িওৱা ট্ৰাকক কেন্দ্ৰ কৰি চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.