ETV Bharat / bharat

বিশ্বব্যাপি অব্যাহত আছে কোভিড-19 ৰ বিভিষিকা - বিশ্বব্যাপি অব্যাহত আছে কোভিড-19 ৰ বিভিষীকা

দিনক দিনে বিশ্বত বৃদ্ধি পাইছে কোভিড-19 ৰ আক্ৰান্তৰ সংখ্যা ৷ এই ভাইৰাছত বৰ্তমানলৈকে মৃত্যুবৰণ কৰিছে 33 হাজাৰ লোকে ৷

বিশ্বব্যাপি অব্যাহত আছে কোভিড-19 ৰ বিভিষীকা

author img

By

Published : Mar 30, 2020, 10:07 AM IST

নিউজ ডেস্ক, 30 মাৰ্চ: বিশ্ব জুৰি অব্যাহত আছে কোভিড-19 মহামাৰীৰ সংহাৰী ৰূপ ৷ এতিয়াও এই ভাইৰাছৰ প্ৰকোপৰ পৰা উদ্ধাৰ হ’বলৈ সক্ষম হোৱা নাই বহু কেইখন শক্তিশালী দেশ ৷ দিনক-দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ লগতে মৃত্যুবৰণ কৰা লোকৰ সংখ্যা ৷ বিশ্বত প্ৰায় 7 লাখ লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে প্ৰায় 33 হাজাৰ লোকৰ ৷

বিশ্বব্যাপি COVID-19ৰ বিভিষীকা
বিশ্বব্যাপি COVID-19ৰ বিভিষীকা

এইপৰ্যন্ত সৰ্বাধিক প্ৰভাৱিত হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰ ৷ দেশখনত বৰ্তমানলৈকে 1,39,000 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুমুখত পৰিছে প্ৰায় 2,400 গৰাকী লোক ৷ আনহাতে ইটালীত দেওবাৰে 750 গৰাকী লোকে মৃত্যুবৰণ কৰিছে ৷ আনহাতে দেশখন মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে প্ৰায় 10,800 গৰাকী ৷ যিটো বৰ্তমালৈকে কোভিড-19 ত আক্ৰান্ত হৈ কোনো দেশত মৃত্যুবৰণ কৰা লোকৰ সৰ্বাধিক পৰিসংখ্যা ৷ অৱশ্যে সংক্ৰমণৰ ঘটনা কিছু হ্ৰাস পাইছে যদিও বিগত 24 ঘণ্টাত 5200 টা নতুন ঘটনা পোহৰলৈ আহিছে ৷ বিগত চাৰি দিনৰ অন্তত এইয়া হৈছে সৰ্ব নিম্ন ঘটনা ৷ দেশখনত মুঠ 98 হাজাৰ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে ৷

ভাৰততো কৰ’ণা ভাইৰাছৰ আতংক অব্যাহত আছে ৷ দেশখনত 27 জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আক্ৰান্ত হৈছে প্ৰায় 1024 গৰাকী লোক ৷

বিশ্বতে 33 হাজাৰ লোকৰ মৃত্যুৰ বিপৰীতে এই ভাইৰাছৰ পৰা আক্ৰান্তৰ পৰা সুস্থ হ’বলৈ সক্ষম হৈছে প্ৰায় 1,50,000 ত কৈ অধিক লোক ৷

  • লগতে চাওক-কৰ'ণা মহামাৰীৰ জটিল সন্ধিক্ষণত ৰাইজলৈ আমাৰ বিনম্ৰ আহ্বান...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.