ETV Bharat / bharat

বনকৰ্মীক অস্ত্ৰ-বুলেটপ্ৰুফ জেকেট প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ - ছলিচিটৰ জেনেৰেল

মুখ্য় ন্য়ায়াধীশ এছএ ববডেৰ নেতৃত্বত বহা ন্য়ায়াধীশ এএছ বোপান্না আৰু ভি ৰামা শুব্ৰমনিয়মৰ এক বিচাৰপীঠে বনকৰ্মীক অস্ত্ৰ আৰু বুলেটপ্ৰুফ জেকেট প্ৰদানৰ নিৰ্দেশ দিয়ে ।

উচ্চতম ন্য়ায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

author img

By

Published : Jan 8, 2021, 6:54 PM IST

Updated : Jan 8, 2021, 7:51 PM IST

নেশ্যনেল ডেস্ক, ৮ জানুৱাৰী : বিভিন্ন সময়ত বনকৰ্মী আৰু বন্য়প্ৰাণী চিকাৰীৰ মাজত হোৱা সংঘাতত প্ৰাণ হেৰুৱাবলগীয়া হয় অস্ত্ৰবিহীন বনকৰ্মীয়ে । কিন্তু এই বনকৰ্মীৰ সুৰক্ষাৰ বাবে বিশেষ ৰায় দান দিলে দেশৰ উচ্চতম ন্য়ায়ালয়ে । প্ৰতিখন ৰাজ্য়ৰ চৰকাৰকে বনকৰ্মীৰ সুৰক্ষাৰ বাবে অসমৰ আৰ্হি অনুসৰণ কৰিবলৈ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ । অসমৰ দৰে বনকৰ্মীক আগ্নেয়াস্ত্ৰ আৰু বুলেটপ্ৰুফ জেকেট প্ৰদান কৰিবলৈ প্ৰতিখন ৰাজ্য় চৰকাৰক নিৰ্দেশ ন্য়ায়ালয়ৰ ।

মুখ্য় ন্য়ায়াধীশ এছ এ ববডেৰ নেতৃত্বত বহা ন্য়ায়াধীশ এ এছ বোপান্না আৰু ভি ৰামাশুব্ৰমনিয়মৰ এক বিচাৰপীঠে কয় যে, কেৱল চেণ্ডেল পিন্ধি আৰু লাঠিৰে বনকৰ্মীসকলে অৰণ্য়ৰ মাটি, জীৱ-জন্তু আৰু সম্পদসমূহ ৰক্ষা কৰি থকাটো অতি কষ্টকৰ । মুখ্য় ন্য়ায়াধীশ গৰাকীয়ে ইয়াকো উল্লেখ কৰে যে, এজন বন বিষয়া এনে পৰিস্থিতিত পৰে যে বিপদৰ সময়ত আৰক্ষীৰ দৰে সহায়ৰ বাবে ফোন কৰিব নোৱাৰে আৰু অৰণ্য়ৰ ভিতৰত সহায়ৰ বাবে কোনো যাবও নোৱাৰে । এনে গম্ভীৰ আৰু কঠিন পৰিস্থিতিৰ মাজেৰে কেনেকৈ গাৰ্ডসকলক চিকাৰীৰ পৰা উদ্ধাৰ কৰিব পাৰি সেই বিষয়ে চিন্তা কৰিয়ে এই নিৰ্দেশনা দিয়া হৈছে ।

বন বিভাগে বনৰৌৰ ছাল জব্দ কৰা পুৰণি ঘটনাক স্মৰণ কৰি মুখ্য় ন্য়ায়াধীশ গৰাকীয়ে কয় যে ইয়াৰ মূল্য় চীনত বহুত । চিকাৰীবোৰে লাখ লাখ টকাৰ অবৈধ আন্ত:ৰাষ্ট্ৰীয় বজাৰ খনৰ বাবে এই বন্য়প্ৰাণী চিকাৰ কৰে । সেয়ে চিকাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বন কৰ্মীসকলক হাতত অস্ত্ৰ দিব লাগিব ৷ প্ৰয়োজনত অবৈধ আন্ত:ৰাষ্ট্ৰীয় বজাৰখনৰ বিৰুদ্ধে বন বিভাগৰ বিশেষ গোট গঠন কৰাৰো পোষকতা কৰে মুখ্য় ন্য়ায়াধীশগৰাকীয়ে ।

ইফালে ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্য়ায়ালয়ৰ এই নিৰ্দেশক আদৰণি জনোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰে এই বিষয়ত চিন্তা-চৰ্চা চলাব বুলি কয় ।

লগতে পঢ়ক :14 জানুৱাৰীত ভাৰতলৈ আহিব নেপালৰ বিদেশ মন্ত্ৰী

Last Updated : Jan 8, 2021, 7:51 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.