নিউজ ডেস্ক, 29 জুলাই : দেশত কৰ'ণা মহামাৰীয়ে ত্ৰাস চলাই থকাৰ সময়তে বুধবাৰে মহাৰাষ্ট্ৰত এগৰাকী মেধাৱী ছাত্ৰীৰ মৃত্যুই শোকৰ ছা পেলাইছে ৷ জানিব পৰা মতে,কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰিছে ছাত্ৰী গৰাকীয়ে ৷
উল্লেখ্য যে,মল্লিকা ছাগৰা জেদ আলী নামৰ ছাত্ৰী গৰাকীয়ে শেহতীয়াকৈ টাটা চিকিৎসালয়ৰ পৰা 73.40 শতাংশ নম্বৰৰে SSC পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিল ৷ কিন্তু পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিচতো ছাত্ৰী গৰাকীয়ে নিজ চকুৰে পৰীক্ষাৰ ফলাফল প্ৰত্যক্ষ কৰিব নোৱাৰাত বৰ্তমান শোকস্তব্ধ হৈ পৰিছে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী ৷
লগতে পঢ়ক : মথাউৰি নিৰ্মাণৰ দাবীত ধেমাজিত ছাত্ৰ সন্থাৰ প্ৰতিবাদ