নিউজ ডেস্ক, 28 মেঃ দেশৰ সকলো ধৰ্ম-জাতি নিৰ্বিশেষে দুটাতকৈ অধিক সন্তান জন্ম দিলে তৃতীয় সন্তানে সকলো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হোৱাকৈ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল যোগগুৰু বাব ৰামদেৱে ৷ হৰিদ্বাৰত সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত যোগগুৰুগৰাকীয়ে বৰ্ধিত জনসংখ্যাৰ সৈতে মোকাবিলা কৰিবলৈ দুটা সন্তানতকৈ অধিক সন্তানৰ জন্ম হ'লে তৃতীয় সন্তানক ভোটদানৰ অধিকাৰকে ধৰি কোনো ধৰণৰ চৰকাৰী সা-সুবিধা প্ৰদান নকৰিবলৈ আইন প্ৰণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল ৷ এই নিয়ম সকলো ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য হোৱা উচিত বুলিও যোগগুৰু গৰাকীয়ে লগতে উল্লেখ কৰি তেতিয়াহে দুটা সন্তান জন্ম দিয়াৰ যি চৰকাৰী নিয়ম সেয়া প্ৰকৃতাৰ্থত সাৰ্থক হ'ব বুলি কৈছিল ৷
এই নিয়ম সকলো ধৰ্মৰ ক্ষেত্ৰতে প্ৰযোজ্য হোৱা উচিত বুলিও যোগগুৰু গৰাকীয়ে লগতে উল্লেখ কৰি তেতিয়াহে দুটা সন্তান জন্ম দিয়াৰ যি চৰকাৰী নিয়ম সেয়া প্ৰকৃতাৰ্থত সাৰ্থক হ'ব বুলি কৈছিল ৷
অধিক পঢ়কঃ তৃতীয় সন্তানক সকলো সা-সুবিধাৰ পৰা বঞ্চিত কৰা উচিতঃ বাবা ৰামদেৱ
শেহতীয়াকৈ যোগগুৰু বাবা ৰামদেৱৰ এই উদ্ভট-অদ্ভুট যুক্তিৰ সমৰ্থনত নামি পৰিছে এগৰাকী জ্যেষ্ঠ বিজেপি সাংসদ ৷ বিহাৰৰ বেগুচৰাই সমষ্টিৰ সাংসদ গিৰিৰাজ সিঙে ৰামদেৱৰ সমৰ্থনত মতপ্ৰকাশ কৰিছে ৷ জনসংখ্যা নীতিক লাইম লাইট প্ৰদান কৰাৰ বাবে বাবা ৰামদেৱক ধন্যবাদ জ্ঞাপন কৰে এইগৰাকী বিজেপি সাংসদে ৷ বিজেপি চৰকাৰে সকলো দলৰ লগত আলোচনাৰ অন্তত এই বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় আহি পৰিছে বুলি কয় সিঙে ৷