ETV Bharat / bharat

শুকুৰবাৰে প্ৰকাশ হ'ব ভাৰতৰ চলিত বিত্তীয় বৰ্ষৰ মুঠ ঘৰুৱা উৎপাদনৰ তথ্য - বিকাশৰ হাৰ

শুকুৰবাৰে প্ৰকাশ কৰা হ'ব চলিত বিত্তীয় বৰ্ষৰ দ্বিতীয় তিনিমাহৰ মুঠ ঘৰুৱা উৎপাদনৰ তথ্য ৷ অৰ্থনীতিবিদ সকলে আশা প্ৰকাশ কৰিছে যে বিকাশৰ হাৰ নেতিবাচক গভীৰতাতে থাকিলেও প্ৰথম তিনিমাহৰ তুলনাত এইবাৰৰ অৰ্থনীতিৰ কিছু পৰিমানে সংকুচন ঘটিব ৷

শুকুৰবাৰে প্ৰকাশ হ'ব ভাৰতৰ চলিত বিত্তীয় বৰ্ষৰ মুঠ  ঘৰুৱা উৎপাদনৰ তথ্য

author img

By

Published : Nov 26, 2020, 2:31 PM IST

হাইদৰাবাদ, 26 নৱেম্বৰ: শুকুৰবাৰে প্ৰকাশ কৰা হ'ব ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ দ্বিতীয় তিনিমাহৰ তথ্য ৷ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম তিনিমাহত 23.9 শতাংশ ৰেকৰ্ড সংকুচন প্ৰত্যক্ষ কৰাৰ পাছত 2020 ৰ চেপ্তেম্বৰত সমাপ্তি হোৱা দ্বিতীয় তিনিমাহত এই পৰিমাণ কিছু পৰিমাণে উন্নত হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ অৱশ্যে বিশেষজ্ঞ সকলে বিকাশৰ হাৰ এতিয়াও নেতিবাচক গভীৰতাতে থকাৰো সম্ভাৱনা ব্যক্ত কৰিছে ৷

যিহেতু কেন্দ্ৰীয় চৰকাৰে দ্বিতীয় তিনিমাহৰ ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ তথ্য শুকুৰবাৰে প্ৰকাশ কৰাৰ বাবে প্ৰস্তুতি চলাইছে,বিভিন্ন হিচাপ অনুসৰি এই তিনিমাহত অৰ্থনীতিৰ 8-11 শতাংশ সংকুচন হোৱাৰ সম্ভাৱনা আছে ৷

এইচডিএফচি বেংকৰ এগৰাকী জ্যেষ্ঠ অৰ্থনীতি বিদ সাক্ষী গুপ্তাই কয় যে শুকুৰবাৰে প্ৰকাশ হ'ব লগীয়া Q2 FY21 GDP ৰ তথ্যৰ পৰা এই কথা বুজা যাব যে অৰ্থনীতিৰ সংকুচন কিছু পৰিমাণে হ্ৰাস হৈছে ৷ তেওঁ কয় যে মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি প্ৰথম তিনিমাহৰ FY21 ৰ তুলনাত 9 শতাংশলৈ সংকুচিত হ'ব ৷ এক্সিচ কেপিটেল লিমিটেডৰ মুখ্য অৰ্থনীতিবিদ পৃথ্বিৰাজ শ্ৰীনিবাসকো অৰ্থনীতি পুনৰুদ্ধাৰক লৈ যথেষ্ট আশাবাদী যেন পৰিলক্ষিত হৈছে ৷ শ্ৰীনিবাসে কয় যে তেওঁ চেপ্তেম্বৰত সমাপ্তি হোৱা মুঠ ঘৰুৱা উৎপাদনৰ -8.4 শতাংশ বৃদ্ধি হ'ব বুলি আশা কৰিছো ৷

লগতে পঢ়ক: কে নামৰে দ্বিতীয় সংগঠন খোলাক লৈ ক্ষুব্ধ এবিএমছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.