নতুন দিল্লী, 10 মে' : দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মানহানিৰ জাননী প্ৰেৰণ প্ৰাক্তন ক্ৰিকেটাৰ তথা পূব দিল্লী সমষ্টিৰ বিজেপি প্ৰাৰ্থী গৌতম গম্ভীৰৰ ৷ কেজৰিৱালৰ লগতে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণিষ চিচোড়িয়া আৰু আম আদমি পাৰ্টীৰ নেত্ৰী অতিচি মাৰ্লিনাৰ বিৰুদ্ধেও মানহানিৰ জাননী প্ৰেৰণ কৰে গৌতম গম্ভীৰে ৷
আম আদমি পাৰ্টীয়ে টুইটাৰ যোগে গম্ভীৰৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবেই লিখিত জাননী প্ৰেৰণ কৰে প্ৰাক্তন খেলুৱৈজনে ৷ গম্ভীৰৰ নিৰ্বাচনী প্ৰচাৰ পত্ৰিকাত পূব দিল্লী সমষ্টিৰ গম্ভীৰৰ প্ৰতিদ্বন্দ্বি আতিচি মাৰ্লিনাৰ বিৰুদ্ধে সাম্প্ৰদায়িক আৰু অসন্মানসূচক মন্তব্যৰে অপমান কৰা বুলি উল্লেখ কৰিছিল আম আদমি পাৰ্টীয়ে ৷ আম আদমি পাৰ্টীৰ এই অভিযোগৰ পাচতে দলটোলৈ মানহানি জাননী প্ৰেৰণ কৰি ক্ষমা খুজিবলৈ কয় বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৷