ETV Bharat / bharat

শ্ৰমিকসকলৰ সমস্যাৰ বিষয়ে অৱগত হ'বলৈ ৰাজ্যসমূহক নিৰ্দেশনা শ্ৰম মন্ত্ৰীৰ - সমৱৰ্তী সূচীৰ অধীনস্থ শ্ৰম বিভাগ

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত থকা শ্ৰমিকসকলৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে জ্ঞাত হ'বলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী সন্তোষ গংগাৱাৰে । সেই অনুসৰি ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহক অতি কমেও ২০টা কেন্দ্ৰ স্থাপন কৰি এগৰাকী নডাল বিষয়া নিযুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় শ্ৰমমন্ত্ৰীগৰাকীয়ে ।

কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী সন্তোষ গংগাৱাৰে
কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী সন্তোষ গংগাৱাৰে
author img

By

Published : Apr 18, 2020, 5:04 PM IST

নিউজ ডেস্ক ১৮ এপ্ৰিলঃ কেন্দ্ৰীয় শ্ৰমমন্ত্ৰী সন্তোষ গংগাৱাৰে দেশৰ ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহলৈ এক বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে । কোভিড-১৯ মহামাৰীৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ পৰা শ্ৰমিকসকলৰ অভাৱ-অভিযোগসমূহ গ্ৰহণ কৰিবলৈ ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক এই নিৰ্দেশনা প্ৰদান কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । সেই অনুসৰি, ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে নিজ নিজ প্ৰশাসনিক অঞ্চলত শ্ৰম বিভাগৰ সহযোগত কেন্দ্ৰীয় শ্ৰম বিভাগে শেহতীয়াকৈ স্থাপন কৰা ২০টা নিয়ন্ত্ৰণকক্ষৰ সৈতে সংযোগ স্থাপন কৰিবলৈ নিজাৱবীয়াকৈ নিয়ন্ত্ৰণকক্ষ স্থাপন কৰিবলৈ কোৱা হৈছে ।

কোভিড-১৯ মহামাৰীৰ সময়ত শ্ৰমিকসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধানৰ বাবে ৰাজ্যিক তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশ্লিষ্ট শ্ৰম বিভাগক শুকুৰবাৰে এই নিৰ্দেশনা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক প্ৰেৰণ কৰা নিৰ্দেশনাটোত শীঘ্ৰেই নিয়ন্ত্ৰণকক্ষসমূহ স্থাপন কৰি এগৰাকী নডাল বিষয়া নিযুক্ত কৰিবলৈ কোৱা হৈছে ।

কেন্দ্ৰীয় শ্ৰম বিভাগে স্থাপন কৰা ২০ টা নিয়ন্ত্ৰণকক্ষই বিগত কিছুদিনত সৰ্বমুঠ ২১০০ অভিযোগ লাভ কৰিছে । দেশ পৰিচালনাৰ চাৰিটা সূচীৰ ভিতৰত সমৱৰ্তী সূচীৰ অন্তৰ্গত শ্ৰম বিভাগে ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সংশ্লিষ্ট বিভাগসমূহক কেন্দ্ৰীয় শ্ৰম বিভাগৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে ।

লগতে পঢ়কঃ ভূটান আৰু তিব্বত সীমান্তত সষ্টম এছ এছ বি তেজপুৰ আৰু গুৱাহাটী ফ্ৰণ্টিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.