ETV Bharat / bharat

লক ডাউনৰ যোগাত্মক প্ৰভাৱঃ হৰিদ্বাৰ, বাৰাণসীত পৰিস্কাৰ হৈ বৈছে গংগাৰ পানী

author img

By

Published : May 5, 2020, 9:37 AM IST

গংগাৰ পানী পৰিষ্কাৰ হৈ পৰাত সুখী হৈ পৰিছে স্থানীয় লোক সকলৰ লগত প্ৰকৃতি প্ৰেমী লোকসকল । উদ্যোগ বন্ধ থকা বাবেই দেখিব পোৱা গৈছে এই পৰিৱৰ্তন ।

পৰিস্কাৰ হৈছে গংগাৰ পানী
পৰিস্কাৰ হৈছে গংগাৰ পানী

নিউজ ডেস্ক, 5 মে': হৰিদ্বাৰ আৰু বাৰাণসীত লক্ষণীয়ভাবে উন্নত হৈছে গংগাৰ জলৰাশিৰ মান । লক-ডাউনৰ বাবে জল প্ৰদূষণৰ পৰিমান কমি যোৱা বাবেই গুণগত মানৰ ক্ষেত্ৰত পৰিৱৰ্তন দেখা গৈছে ।

হৰিদ্বাৰত হৰ কি পাউৰি ঘাটত প্ৰতিদিনে ভিৰ কৰে লক্ষাধিক লোকে । কিন্তু কৰ'ণা ভাইৰাচ সংক্ৰমনৰ পিচত দেশত চলি থকা লক ডাউনৰ বাবে এই ঘাট বন্ধ কৰি দিয়া হৈছিল ।

"গংগা পৰিষ্কাৰ আৰু নিৰ্মল হৈছে আজি । মাছ আৰু আন জলজ জীৱ দেখা পোৱা হৈছে । ঘাটটো এতিয়া সম্পূৰ্ণ পৰিষ্কাৰ ।"- হৰ কী পাউৰি মন্দিৰৰ পূজাৰীয়ে সূত্ৰৰ আগত কয় এই কথা ।

লক ডাউন ঘোষণা কৰাৰ পাচৰ পৰা সমগ্ৰ ৰাষ্ট্ৰতে উদ্যোগ সমূহ বন্ধ হৈ আছে । লগতে সকলো লোক আৱদ্ধ হৈ আছে নিজ নিজ ঘৰতে । যাৰ ফলত প্ৰদূষিত নোহোৱাকৈ আছে গংগাৰ পানী । সেয়ে '40 ৰ পৰা 50 শতাংশ' পৰ্যন্ত গুণগত মান বৃদ্ধি পাইছে বাৰাণসীতো । আই আই টি-বি এইডচ ইউ ৰ কেমিকেল ইঞ্জিনিয়াৰিঙৰ অধ্যাপক ডঃ পিকে মিশ্ৰই এই কথা সদৰি কৰে ।

উল্লেখ্য যে, গংগা নদীৰ দহ ভাগৰ এক অংশ প্ৰদূষণ কেৱল উদ্যোগৰ বাবেই হৈ আহিছে বুলি প্ৰকাশ কৰা হৈছে ।

ইপিনে গংগাৰ পানী পৰিষ্কাৰ হৈ পৰাত সুখী হৈ পৰিছে স্থানীয় লোক সকলৰ লগত প্ৰকৃতি প্ৰেমী লোকসকল ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 মাৰ্চৰ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লক ডাউনৰ ঘোষণা কৰিছিল । লক ডাউন প্ৰথমে 14 এপ্ৰিললৈ আছিল । এই সময়চোৱাত বন্ধ হৈ আছিল সকলো উদ্যোগ । পাচলৈ সংক্ৰমণ বৃদ্ধি পোৱাত পৰিস্থিতিৰ ওপৰত লক্ষ ৰাখি 21 দিনীয়া লক ডাউনক 19 দিন বঢ়াই 3 মে'লৈ বৃদ্ধি কৰা হৈছিল । এতিয়া আকৌ এবাৰ বৃদ্ধি কৰা হৈছে লক ডাউন । 14 দিনৰ বাবে লক ডাউন বৃদ্ধি কৰা হৈছে যদিও বহু ক্ষেত্ৰত শিথিলতা দিছে এই লক ডাউনত । উদ্যোগ সমূহ কম পৰিমানৰ কৰ্মচাৰীৰে গ্ৰীন জ'নত খুলিবলৈ অনুমতি প্ৰদান কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.