ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ পীড়িতাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

author img

By

Published : Sep 29, 2020, 12:21 PM IST

Updated : Sep 29, 2020, 12:47 PM IST

বিগত 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ দিল্লী সফদৰগঞ্জত মৃত্যু হয় ৷ চন্দপা থানাৰ অন্তৰ্গত দলিত সম্প্ৰদায়ৰ আছিল যুৱতী গৰাকী ৷

gang assault victim in hathras dies in delhi safdarjung hospital during treatment
উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণ পীড়িতাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

উত্তৰ প্ৰদেশ, 29 ছেপ্তেম্বৰঃ বিগত 14 ছেপ্তেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ বলি হোৱা যুৱতীগৰাকীৰ দিল্লী সফদৰগঞ্জত মৃত্যু হয় ৷ চন্দপা থানাৰ অন্তৰ্গত দলিত সম্প্ৰদায়ৰ আছিল যুৱতী গৰাকী ৷ উল্লেখ্য যে, দলিত শ্ৰেণীৰ 19 বৰ্ষীয় যুৱতীগৰাকীক একে গাঁৱৰে ঠাকুৰ সমাজৰ চাৰিজন লোকে পথাৰলৈ নি ধৰ্ষণ কৰাৰ উপৰিও প্ৰাণে মৰাৰ চেষ্টা চলাইছিল ৷ ইয়াৰ উপৰিও যুৱতীগৰাকীৰ জিভা কাটি পেলায় ধৰ্ষণকাৰীসকলে ৷ যুৱতীগৰাকীক তাৎক্ষণিকভাৱে আলীগড় জে.এন হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও সোমবাৰে তেখেতক দিল্লীৰ সাফদৰগঞ্জলৈ প্ৰেৰণ কৰা হৈছিল ৷

মঙলবাৰে যুৱতীগৰাকীৰ মৃতদেহ নিজ বাসগৃহলৈ অনা হ’ব আৰু গাঁৱতেই তেখেতৰ অন্তিম সংস্কাৰ কৰা হ’ব বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক-স্বাস্থ্য মন্ত্ৰণালয়ৰ জ্যেষ্ঠ বিষয়াৰে অমিত শ্বাহৰ পৰ্যালোচনা বৈঠক

Last Updated : Sep 29, 2020, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.