প্ৰফেচৰ সমৰ ঢালিৱাল
ভাৰতবৰ্ষত দেশজুৰি স্বাধীনতা আন্দোলনে গা কৰি উঠাৰ আগতেই জনগণৰ মন-মগজুত স্বাধীনতা সম্পৰ্কে ধাৰণা আৰু শিক্ষাৰ প্ৰচলন- অত্যন্ত জৰুৰী আছিল৷
ভাৰতীয় জনগণক ৰাজনৈতিক চিন্তা কৰাৰ বাবে সমল দিবলৈ, ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতীয় জনতাক ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ কৰিবলৈ এক মাধ্যম তথা মঞ্চৰ প্ৰয়োজন হৈছিল ৷ স্বাধীনতা আন্দোলনৰ পৃষ্ঠপোষকসকলৰ বাবে এয়া অতি জৰুৰী বিষয় আছিল ৷
![gandhi as a media person](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4564317_gandhi.jpg)
এই কাম সমাধা কৰিবলৈ স্বদেশী প্ৰেছে মূখ্য ভূমিকা পালন কৰে ৷ ৰাষ্ট্ৰীয়তাবাদী জনমতক প্ৰেৰণা দিবলৈ, প্ৰশিক্ষণ দিবলৈ, একগোট কৰিবলৈ স্বদেশী প্ৰেছে অন্যতম ভূমিকা পালন কৰে ৷ এইখিনি সময়তেই বহু প্ৰতিষ্ঠিত আৰু নিৰ্ভীক সাংবাদিকৰ জৰিয়তে শক্তিশালী বাতৰিকাকত প্ৰকাশ পায় ৷ সেই সময়ত ভাৰতবৰ্ষত কাকতত লিখা-মেলা নকৰা বা কাকতৰ মালিকীস্বত্ব নথকা ৰাজনৈতিক নেতা খুব কমেইহে ওলাব ৷ মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত থকাৰ দিনৰ পৰাই সাংবাদিকতা তথা সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছিল ৷ 1903 চনত আৰম্ভ হোৱা গান্ধীজীৰ 45 বছৰীয়া এই লিখা-মেলা বা সাংবাদিকতাৰ যাত্ৰাত বহু কাকত-আলোচনীত লেখা-মেলা কৰে ৷ তেওঁৰ লিখা-মেলাৰ মানদণ্ড বা পৰিমাণৰ ওপৰত ভিত্তি কৰি গান্ধীজীক নিঃসন্দেহে এজন উচ্চ মানদণ্ডৰ সংবাদসেৱী বুলি অভিহিত কৰিব পাৰি ৷ এজন নিৰ্ভীক আৰু পৰিপক্ক প্ৰবন্ধকাৰৰ ৰূপত তথা এজন সম্পাদকৰ ৰূপত তেওঁ দক্ষ আছিল ৷ 1903 চনৰ পৰা 1914 লৈকে আৰু 1919 চনৰ পৰা 1948 লৈকে তেওঁ গুজৰাটী, ইংৰাজী আৰু অন্যান্য ভাষাত সাপ্তাহিক কাকত প্ৰকাশ কৰে ৷ ইণ্ডিয়ান অপিনিয়ন কাকতখনে গান্ধীজীৰ সাংবাদিক জীৱনৰ বলিষ্ঠতাৰ দিশক প্ৰতিষ্ঠা কৰে ৷ ইয়াৰ পাচত তেওঁ ইয়ং ইণ্ডিয়া, নৱজীৱন, হৰিজন আদি কাকত প্ৰকাশিত কৰে ৷ ইণ্ডিয়ান অপিনিয়ন গান্ধীজীয়ে 1903 চনত আৰম্ভ কৰিছিল ৷ এই কাকতখনৰ যোগেদি দক্ষিণ আফ্ৰিকাত চলা শ্বেতাংগসকলৰ বৰ্ণবৈষম্যমূলক শাসনৰ বিৰুদ্ধে প্ৰৱাসী ভাৰতীয়সকলক সজাগ কৰিবলৈ চেষ্টা কৰা হৈছিল ৷ ইয়াৰ উপৰিও, গান্ধীজীয়ে আন্দোলনৰ বাবে জনতাৰ মন-মগজুক প্ৰভাৱিত কৰিবলৈ কাকতৰ আৱশ্যকতা আৰু গুৰুত্বক উপলব্ধি কৰিছিল ৷
গান্ধীজীয়ে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে কাকতৰ জৰিয়তেহে প্ৰৱাসী ভাৰতীয়সকলক শিক্ষিত আৰু বুজন কৰাটো সম্ভৱ ৷ তেওঁ গম পাইছিল যে কাকতৰ জৰিয়তেহে তেওঁ দক্ষিণ আফ্ৰিকাত কৰি থকা কামবোৰৰ খবৰ দেশবাসীক জনাব পাৰিব ৷ সেইবাবে 34 বছৰীয়া গান্ধীজীয়ে জোহান্সবাৰ্গত মদনজীত আৰু মনসুখলাল হীৰালাল নামৰ দুগৰাকী উদ্যোগী ব্যক্তিৰ সহায়ত 1903 চনৰ 4 জুনত ইণ্ডিয়ান অপিনিয়নৰ প্ৰথম সংখ্যা প্ৰকাশ হয় ৷ মূখ্যতঃ এই কাকতখন ইংৰাজী, গুজৰাটী, হিন্দী আৰু তামিল ভাষাত প্ৰকাশিত হৈছিল ৷ কাকতখনৰ লগত জড়িত তিনিওজনে নিজৰ নিজৰ সুকীয়া দায়িত্ব পালন কৰিছিল ৷ ইণ্ডিয়ান অপিনিয়ন কাকতখন ভাৰতীয় স্থানীয় লোকৰ মাজত আৰু নেটালৰ কৃষ্ণাংগ লোকসকলৰ মাজত জনপ্ৰিয় হৈছিল ৷ কাৰণ এই কাকতৰ প্ৰথম সংখ্যাতেই গান্ধীজীয়ে বৰ্ণবৈষম্য নীতিৰ বিৰুদ্ধে গৰজি উঠিছিল ৷ অৱহেলিত সম্প্ৰদায়বোৰৰ আৰ্থিক দুৰ্দশাৰ কথাও তেওঁ লিখিছিল ৷ সমস্যাবোৰ তেওঁ অনন্য আৰু মৌলিক ৰূপত উপস্থাপন কৰিছিল ৷ গান্ধীজীয়ে সাংবাদিকতা বৃত্তিটোক অতি সন্মানেৰে আঁকোৱালি লৈছিল ৷ সাংবাদিকতাৰ দ্বাৰা প্ৰয়োজনীয় অভিব্যক্তি,শিক্ষা আৰু জাগ্ৰতকৰণ তিনিওটা মহান কামেই গান্ধীজীয়ে সম্ভৱ কৰি তুলিছিল ৷
![gandhi as a media person](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4564317_gandhee.jpg)
গান্ধীজীয়ে জনগণৰ দুৰ্দশা,স্থিতি,পৰিস্থিতিক জানিবলৈ অভিব্যক্তিৰ প্ৰয়োজন বুলি উপলব্ধি কৰিছিল ৷ শিক্ষাৰ জৰিয়তে জনগণৰ ৰাজনৈতিক আৰু সামাজিক প্ৰমূল্যবোধক জগাব পাৰি বুলি তেওঁ সিদ্ধান্ত লৈছিল ৷ ইণ্ডিয়ান অপিনিয়নৰ তাৎপৰ্য আকাৰত নাছিল,আছিল ইয়াত সমৃদ্ধ লেখাবোৰত৷ গান্ধীজীয়ে নিজৰ এই কাকতখনত কাহানিও বিজ্ঞাপনৰ স্থান দিয়া নাছিল ৷ নাটালত অন্য কাকতৰো প্ৰকাশ হৈ আছিল যদিও ইণ্ডিয়ান অপিনিয়নে সামাজিক,ৰাজনৈতিক আৰু ঐতিহাসিকভাৱে অধিক গুৰুত্ব কঢ়িয়াইছিল ৷
ইণ্ডিয়ান অপিনিয়নৰ সবাতোকৈ অধিক ঐতিহাসিক মূল্য হৈছে - ইয়াৰ পৃষ্ঠাবোৰে ব্ৰিটিছ শাসিত দক্ষিণ আফ্ৰিকাত ভাৰতীয়সকলৰ বিলাই-বিপত্তিৰ খতিয়ান ৰাখিছে ৷ তাত থকা ভাৰতীয়সকলৰ ৰাজনৈতিক,সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ বিৱৰণো এই কাকতে দাঙি ধৰে ৷ ইণ্ডিয়ান অপিনিয়নে তাত থকা ভাৰতীয়সকলৰ আশা-আকাংক্ষা,সমস্যা সকলোবোৰক প্ৰতিনিধিত্ব কৰিছিল ৷ নাটাল মাৰকিউৰিৰ দৰে কাকতবোৰে ভাৰতীয়সকলৰ বাতৰিক কম গুৰুত্ব দিয়াৰ বিকল্প স্বৰূপে ইণ্ডিয়ান অপিনিয়ন জনপ্ৰিয় হৈ উঠিছিল ৷ কাকতখনৰ জৰিয়তে গান্ধীজীয়ে লিও টলষ্টয়, হেনৰী ডেভিদ থৰো, জন ৰাস্কিন আদি বিশিষ্ট চিন্তাবিদৰ বিৱৰ্তনকাৰী লিখনি আৰু ধাৰণাবোৰক পাঠকৰ মাজলৈ লৈ আহিছিল ৷ কাকতখনত ভাৰতীয়সকলৰ মতামত,সম্পাদকলৈ চিঠি আদিৰো স্থান আছিল ৷ ইণ্ডিয়ান অপিনিয়নে তাত থকা ভাৰতীয় শ্ৰমিকসকলে মালিকৰ দ্বাৰা সম্মূখীন হোৱা নিৰ্যাতনৰ কথাও লিখিছিল ৷ এই ঘটনবোৰৰ বাতৰি কাকতখনত অতি সতৰ্কতাৰে আৰু সযত্নে কৰা হৈছিল ৷
এইদৰে ৰাজনৈতিক সক্ৰিয়তা, ইণ্ডিয়ান অপিনিয়ন কাকতখনৰ এক পৰম্পৰা হৈ পৰে ৷ এই বিশেষত্বই কাকতখনক বিংশ শতিকাৰ অন্য কাকতসমূহৰ পৰা পৃথক কৰি ৰাখিছিল ৷ কাকতখনৰ প্ৰতিজন সম্পাদকেই এবাৰকৈ কাৰাবাস খাটিবলগীয়া হৈছিল ৷ এয়া 1906 আৰু 1913 চনৰ মাজৰ সত্যাগ্ৰহৰ পৰাই আৰম্ভ হয় ৷ এইখিনি সময়তেই গান্ধীজীৰ ব্ৰিটিছ শাসনৰ প্ৰতি থকা সদভাৱ লোপ পায় ৷ ক্ৰমাৎ তেওঁ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদী ভাৱ পোষণ কৰিবলৈ লয় ৷ 1903-1904 চনলৈকে কাকতখনে শ্বেতাংগ শাসকসকলক ভাৰতীয়সকলৰ আশা-আকাংক্ষা সম্পৰ্কত জ্ঞাত কৰাত জোৰ দিছিল ৷ কিন্তু 1906 চনৰ পাচৰ পৰা কাকতখনে শাসকৰ হঠকাৰী আৰু শোষণমূলক ভূমিকাক সমালোচনা কৰিবলৈ লয় ৷ কাকতখনে আন্দোলন, সংগ্ৰাম তথা চিন্তাবিদসকলৰ বৈপ্লবিক লিখনিবোৰ প্ৰকাশ কৰিবলৈ লয় ৷ জনগণক অন্যায়ৰ বিৰুদ্ধে জনগণক নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ কাকতখনে প্ৰেৰিত কৰিবলৈ আৰম্ভ কৰে ৷ 1909 চনত গান্ধীজীয়ে এনে কাৰকৰ বাবেই 177 দিন জেল খাটিবলগীয়া হৈছিল ৷
যদিওবা ইণ্ডিয়ান অপিনিয়নে দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয়সকলৰ সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ কথা লিখিছিল ৷ ই তাত কৃষ্ণাংগ লোকসকলৰ প্ৰতি ঘটি থকা অন্যায়ৰ কথাও নিয়মিত ৰূপত প্ৰকাশ কৰিছিল ৷ 1950 চনৰ দশকটোত গান্ধীজীৰ দ্বিতীয় পুত্ৰ, মণিলাল গান্ধীৰ সম্পাদনাত কাকতখনৰ সমাজ-ৰাজনৈতিক দিশ আগৰ দৰেই থাকে ৷ কিন্তু ই ভাৰতীয়সকলৰ অধিকাৰৰ পৰা ফালৰি কাটি মানৱ অধিকাৰৰ কথা ক'বলৈ আৰম্ভ কৰে ৷ 1961 চনৰ 4 আগষ্টত ইণ্ডিয়ান অপিনিয়নৰ শেষ সংখ্যটো প্ৰকাশ হয় ৷
ইণ্ডিয়ান অপিনিয়ন কাকতখনৰ অবিহনে গান্ধীজীৰ সত্যাগ্ৰহৰ ধাৰণাটো ইমান সাকাৰ ৰূপত প্ৰতিষ্ঠিত নহ'লহেঁতেন ৷ সত্যাগ্ৰহক বাস্তৱায়িত কৰাত কাকতখনক মূল মাধ্যম হিচাপে লৈয়েই গান্ধীজী আগবাঢ়ি গৈছিল ৷ ইণ্ডিয়ান অপিনিয়নৰ জৰিয়তেই গান্ধীজীয়ে "হিন্দ স্বৰাজ"ৰ প্ৰকাশ কৰিছিল ৷ "হিন্দ স্বৰাজ"ৰ পাততেই গান্ধীজীয়ে স্বাধীন ভাৰতৰ ধাৰণাক ব্যক্ত কৰিছিল ৷
মানৱীয় ইতিহাসৰ অন্যতম মহান আৰু শক্তিশালী নেতা মোহন দাস কৰমচাঁদ গান্ধী, এইদৰেই এজন সমাজ সংস্কাৰক, ৰাজনৈতিক নেতাৰ লগতে যে এজন প্ৰভাৱশালী সংবাদকৰ্মীও আছিল , সেয়া বাৰুকৈয়ে স্পষ্টকৈ অনুধাৱন কৰিব পাৰি ৷