নিউজ ডেস্ক, ৮ জুন : লক ডাউনৰ মাজতে সোমবাৰে উত্তৰাখণ্ডৰ চামলি জিলাখন গ্ৰীস্মকালীন ৰাজধানী ঘোষণা কৰা হয় । ৰাজ্যখনৰ মুখ্য সচিব উৎপল কুমাৰ সিঙয়ে প্ৰকাশ কৰা এক জাননীৰ পিছতে ৰাজ্যপাল বেবী ৰাণী মোয্যই সম্মতি প্ৰকাশ কৰাৰ পিছতে ঘোষণা কৰা হয় ।
আনহাতে জিলাখন গ্ৰীস্মকালীন ৰাজধানী ঘোষণা কৰাৰ পিছতে আনন্দ প্ৰকাশ কৰি বিজেপিৰ সহ সভাপতি দেবেন্দ্ৰ ভাচিনে জনাই যে, দীৰ্ঘদিনীয়া এক সপোন পূৰণ হ'ল যিটো বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত অন্তভুক্ত আছিল ।
ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱতে ৪ মাৰ্চ তাৰিখে বিধানসভা বাজেট ঘোষণাৰ পিছতে আনুষ্ঠানিকভাৱে ঘোষণা কৰে । মুখ্যমন্ত্ৰী গৰাকীয়ে সকলো লোককে অভিনন্দন জ্ঞাপন কৰে আৰু যিসকল লোকৰ অৱদান আছিল তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে ।
লগতে পঢ়ক : ভূটানত পঞ্জীকৃত গাড়ীৰে অসমত চলে অবৈধ কাঠৰ চোৰাং বেহা