নিউজ ডেস্ক, 29 চেপ্তেম্বৰঃ ভাৰতৰ প্ৰথমটো স্বদেশীয় মানৱ মহাকাশ অভিযান শীঘ্ৰেই আৰম্ভ হ'ব ৷ দেশৰ 75 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বেই গগণযান দ্বিতীয় উদ্বোধন কৰিবলৈ সাজু হৈছে ভাৰতীয় মহাকাশ গৱেষনা সংস্থা চমুকৈ ইছৰো ৷ ইতিমধ্যে গগণযান দ্বিতীয়ৰ বাবে বেংগালুৰুস্থিত মহাকাশ গৱেষনা সংস্থাৰ কাৰ্যালয়ে যাৱতীয় সকলো কাম আৰম্ভ কৰিছে ৷ দেশৰ বিভিন্ন স্থানৰ লগতে ভাৰতীয় বায়ু সেনাৰ পৰা বহুকেইগৰাকী ব্যক্তিক নিৰ্বাচন কৰি প্ৰথমটো মানৱ মহাকাশ অভিযানৰ বাবে প্ৰাৰম্ভিক প্ৰশিক্ষণৰ কাম ইতিমধ্যে আৰম্ভ কৰিছে ইছৰোৱে ৷ অন্ধ্ৰ প্ৰদেশৰ এছআৰএম বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা বিজ্ঞান সভাত এই কথা প্ৰকাশ কৰিছে ইছৰোৰ প্ৰাক্তন সঞ্চালক ডঃ কিৰণ কুমাৰে ৷
গুন্টুৰ জিলাক অমৰাৱতীস্থিত এছআৰএম বিশ্ববিদ্যালয়ত অংশগ্ৰহণ কৰি ভাৰতৰ মহাকাশ অভিযান সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় দেশৰ জ্যেষ্ঠ মহাকাশ বিজ্ঞানীগৰাকীয়ে ৷ বিশ্ববিদ্যালয়খনত অনুষ্ঠিত হোৱা বিজ্ঞান সভাত আগন্তুক 75 সংখ্যক স্বাধীনতা দিৱসৰ পূৰ্বেই গগণযান দ্বিতীয়ৰ প্ৰকল্পৰ সকলো কাম আৰম্ভ হ'ব বুলি নিশ্চিতি প্ৰদান কৰে দেশৰ জ্যেষ্ঠ মহাকাশ বিজ্ঞানী তথা ইছৰোৰ প্ৰাক্তন সঞ্চালক ডঃ কিৰণ কুমাৰে ৷ সভাত চন্দ্ৰযান দ্বিতীয় অভিযান ভাৰতৰ বাবে এক বৃহৎ সফলতা বুলি উল্লেখ কৰে ডঃ কুমাৰে ৷ বিশ্ববাসী তথা মানৱ সভ্যতাৰ উন্নয়নৰ বাবে ভাৰতে হাতত লোৱা মহাকাশ গৱেষনা প্ৰকল্পসমূহে নিশ্চয়কৈ সফলতা প্ৰদান কৰিবলৈ সক্ষম হ'ব তথা দেশৰ মহাকাশ অভিযানৰ শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হ'ব বুলি কয় ডঃ কুমাৰে ৷
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱস উপলক্ষে প্ৰদান কৰা ভাষণত 2022 চনৰ ভিতৰত মহাকাশলৈ ভাৰতৰ প্ৰথমটো মানৱ অভিযানৰ কথা উল্লেখ কৰিছিল ৷ গগণযান দ্বিতীয়ৰ সহায়ত ভাৰতীয় মহাকাশ গৱেষনা সংস্থাই তিনিগৰাকী মহাকাশচাৰীক সাতদিনৰ বাবে চন্দ্ৰপৃষ্ঠলৈ পঠিয়াব ৷ ইয়াৰ বাবে চন্দ্ৰযান প্ৰথম আৰু 2014ৰ 28 চেপ্তেম্বৰৰ পৰাই মহাকাশত থকা মংগলযানৰ সহযোগত গগণযান দ্বিতীয়ই মহাকাশ গৱেষনা সম্পন্ন কৰিব ৷ গগণযানৰ বাবেই ভাৰতে, অবিভক্ত ছোভিয়েট সংঘ, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ পিচতে বিশ্বৰ চতুৰ্থখন দেশ যিয়ে মহাকাশলৈ মহাকাশচাৰী প্ৰেৰণ কৰিব ৷ আনহাতে 2022 চনৰ ভিতৰত ডেনমাৰ্কেও মহাকাশলৈ মহাকাশচাৰী পঠিয়াবলৈ প্ৰকল্প হাতত লৈছে ৷ জিএছএলভি মাৰ্ক তৃতীয় মহাকাশযানৰ সহায়ত ভাৰতে সম্পন্ন কৰিব প্ৰথমটো স্বদেশীয় মানৱ মহাকাশ অভিযান ৷
প্ৰায় 9000কোটি টকাৰ বাজেটেৰে গগণযান দ্বিতীয়ৰ বাবে 2018 চনৰ আগষ্ট মাহৰ পৰা পৰৱৰ্তী 30 মাহত আৰু 36 মাহত দুটাকৈ মানৱবিহীন মহাকাশ অভিযানৰ নেতৃত্ব দিব ইছৰোৱে ৷ গগণযান অভিযানত পৃথিৱীৰ নিম্ন কক্ষপথৰ 300-400 কিলোমিটাৰত মহাকাশযানখন স্থাপন কৰিব ইছৰোৱে ৷ সমগ্ৰ অভিযানটোত মহাকাশযানখন উৎক্ষেপনৰ 16 মিনিটৰ ভিতৰতে মহাকাশলৈ গৈ পোৱাৰ লগতে মহাকাশত 5-7 দিন থাকি 36 মিনিটত পৃথিৱীলৈ উভটি আহিব মহাকাশচাৰীসকল ৷ ৰাছিয়ান চয়ুজ (7.2m × 2.7 m), চীনৰ চেনজাও (9.25m × 2.8 m) আৰু আমেৰিকাৰ অৰিওন (3.3m × 5 m)ৰ তুলনাত ভাৰতৰ গগণযানৰ আকাৰ তেনেই সৰু (3m × 2.70m) ৷ ইতিমধ্যে মহাকাশ অভিযানৰ বাবেই ইছৰোৱে প্ৰায় 15000 হাজাৰ চাকৰি প্ৰদান কৰাৰ লক্ষ্যও হাতত লৈছে ৷ উল্লেখ্য যে, ভাৰতে মানৱ মহাকাশ উৰণ প্ৰকল্প (Human Space Flight Programme)ৰ বাবে 2004 চনৰ নৱেম্বৰ মাহতেই কাম আৰম্ভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ইয়াৰ বাবে প্ৰয়োজনীয় ধন লাভ কৰিছিল ৷ অৱশ্যে জিএছএলভি মাৰ্ক তৃতীয় মহাকাশযানখন সম্পূৰ্ণ নোহোৱাৰ বাবেই মানৱ মহাকাশ যাত্ৰাত পিচপৰি আছিল ভাৰত ৷