ETV Bharat / bharat

বিহাৰক বিনামুলীয়া প্ৰতিষেধক, বাকীবোৰ ৰাজ্য বাংলাদেশৰ নেকি ?

author img

By

Published : Oct 26, 2020, 8:44 AM IST

দাদৰৰ ছাভাৰকাৰ হলত অনুষ্ঠিত হোৱা শিৱসেনাৰ বাৰ্ষিক দশেৰা সমদলত অংশগ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে বিজেপিক সমালোচনাৰে তুলাধুনা দিয়ে ৷ বিহাৰ বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে ইস্তাহাৰত প্ৰকাশ কৰা বিনামুলীয়া কোভিড প্ৰতিষেধকক লৈ সৰৱ হৈ পৰে থাকৰে ৷ দেশৰ বাকীবোৰ ৰাজ্যক কেন্দ্ৰীয় চৰকাৰে বালাংদেশৰ অংশ বুলি ধৰি লৈছে বুলি কয় থাকৰে ৷

বিহাৰক বিনামুলীয়া প্ৰতিষেধক, বাকী ৰাজ্যবোৰ বাংলাদেশৰ নেকি ?

নিউজ ডেস্ক, 26 অক্টোবৰ : বিহাৰ নিৰ্বাচনক লৈ সস্তীয়া ৰাজনীতি কৰা বিজেপিক সমালোচনাৰে থকা-সৰকা শিৱসেনাৰ ৷ দেওবাৰে দাদৰৰ ছাভাৰকাৰ হলত অনুষ্ঠিত হোৱা শিৱসেনাৰ বাৰ্ষিক দশেৰা সমদলত অংশগ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে বিজেপিক সমালোচনাৰে তুলাধুনা দিয়ে ৷

বিজেপিয়ে বিহাৰত বিনামুলীয়া কোভিড প্ৰতিষেধক দিয়াৰ প্ৰতিশ্ৰুতি কেৱল মাত্ৰ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতই নহয়, এয়া বিজেপিৰ চৰিত্ৰ বুলি কয় থাকৰে ৷ বিজেপিয়ে বাকীবোৰ ৰাজ্যক বাংলাদেশ অথবা কাজাখাস্তানৰ বুলি ভাবে যাৰ বাবে নিৰ্বাচনী বৈতৰণী পাৰ হ'বলৈ এনেকুৱা প্ৰতিশ্ৰুতি দিছে ৷ যিয়ে এনেকুৱা কথা ক'ব পাৰে তেওঁলোকৰ কোনো লাজ নাই, কিন্তু বিজেপিয়ে কেন্দ্ৰত থাকি এনেকুৱা কথা কোৱাটোৱে কোনো কাৰণতে শোভা নাপায় ৷

আনহাতে জিএছটিক লৈয়ো বিজেপিক সমালোচনা কৰে থাকৰে ৷ সামগ্ৰী আৰু সেৱা কৰৰ দ্বাৰা ৰাজ্যসমূহৰ কোনো লাভ হোৱা নাই ৷ মহাৰাষ্ট্ৰই এতিয়াও জিএছটিৰ 38,000 ৰিফাণ্ড ঘুৰাই পাবলৈ বাকী আছে আৰু কেন্দ্ৰই ৰাজ্যসমূহক নিজৰ কৰ ঘুৰাই দিয়াত চূড়ান্ত ব্যৰ্থ হৈছে বুলি কয় ৷

লগতে পঢ়ক : ক্ৰীড়া ক্ষেত্ৰক প্ৰাধান্য দি ৰাজস্থান চৰকাৰৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.