নেশ্যনেল ডেস্ক, 28 আগষ্ট: শুকুৰবাৰে জম্মু-কাশ্মীৰৰ শ্বোপিয়া জিলাত সুৰক্ষা বাহিনীৰ সৈতে হোৱা এনকাউণ্টাৰত 4 জন সন্ত্ৰাসবাদী নিহত হয় ৷ এই বিষয়ে উল্লেখ কৰে আৰক্ষীৰ শীৰ্ষ বিষয়াই ৷
এগৰাকী আৰক্ষী বিষয়াই উল্লেখ কৰা অনুসৰি, সুৰক্ষা বাহিনীৰ জোৱানে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়া জিলাৰ কিলোৰা অঞ্চলত চলা তহল আৰু অনুসন্ধান অভিযান চলায় ৷ য'ত সন্ত্ৰাসবাদী কেইজনৰ উপস্থিতিৰ বিষয়ে অবগত আছিল ৷
তেওঁ কয় যে, অনুসন্ধান অভিযানত সন্ত্ৰাসবাদী কেইজনে জোৱান সকলক উদ্দেশ্যি গুলীচালনা কৰে ৷ তাৰ পাচতেই সেই অনুসন্ধান অভিযান এনকাউণ্টাৰত পৰিণত হয় আৰু জোৱানসকলেও উভতি গুলীচালনা কৰে ৷
লগতে পঢ়ক: তামিলনাডুত নিজৰ হাত কাটিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানে