নতুন দিল্লী,20 মাৰ্চঃ ভাৰতৰ ইতিহাসত এক উল্লেখনীয় দিন হিচাপে হিচাপে চিহ্নিত হৈ ৰব 2020 চনৰ 20 মাৰ্চৰ দিনটো ৷ কাৰণ এই দিনটোতেই বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত ন্যায় লাভ কৰিলে নিৰ্ভয়াই ৷ সুদীৰ্ঘ সময়ৰ অন্তত নিৰ্ভয়া কাণ্ডত জড়িত অপৰাধীসকলক শুকুৰবাৰে পুৱা 5.30 বজাত ফাঁচি দিয়া হয় ৷ অপৰাধীৰ জীৱনদানৰ সকলো চেষ্টা বিফল কৰি আদালতে দিয়া ৰায়দানৰ ভিত্তিত ফাঁচি দিয়ে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই ৷ 2012 চনৰ 16 ডিচেম্বৰত সংঘটিত দেশ জোকাৰি যোৱা নিৰ্ভয়া কাণ্ডৰ অপৰাধীৰ ফাঁচিৰ খবৰে স্বাভাৱিকতে পৰিয়ালৰ লোকক উৎফুল্লিত কৰে ৷ ৰাজধানী চহৰ নতুন দিল্লীৰ এখন চলন্ত বাছত এগৰাকী পেৰামেডিকেলৰ ছাত্ৰীৰ সৈতে সংঘটিত নৰপৈশাচিক বলাৎকাৰৰ ঘটনাটোৱে আক্ষৰিক অৰ্থত "নিৰ্ভয়া" নামেৰে পৰিচিত হৈছিল ৷
প্ৰায় 16,000 কাৰাবন্দী আবদ্ধ হৈ থকা দক্ষিণ-এছিয়াৰ সৰ্ববৃহৎ কাৰাগাৰ তিহাৰৰ ইতিহাসত একেলগে চাৰিজন অপৰাধীক ফাঁচি দিয়াটো এক উল্লেখজনক ঘটনা হিচাপে লিপিবদ্ধ থাকিব ৷ ইয়াৰ পূৰ্বে অপৰাধীৰ সকলো আবেদন খাৰিজ কৰা গৈছিল ৷ প্ৰায় দুমাহ পূৰ্বৰ পৰা অভিযুক্তৰ অধিবক্তাই দোষীক ৰক্ষা কৰিবলৈ উঠি-পৰি লাগিছিল ৷ ফলত পূৰ্বে ফাঁচিৰ বাবে নিৰ্ধাৰণ কৰা 22 জানুৱাৰীৰ তাৰিখটো স্থগিত ৰাখিবলৈ বাধ্য হৈছিল দিল্লীৰ পাটিয়ালা হাউচ আদালতে ৷ অপৰাধী সকলক শুকুৰবাৰৰ পুৱা স্থানীয় সময় অনুসৰি 5.30 বজাত ফাঁচি দিয়া হয় বুলি কাৰাগাৰৰ মহা নিৰ্দেশক সন্দীপ গোৱেলে জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, জঘন্য কাণ্ডটো সংঘটিত কৰাৰ পিছত নিৰ্যাতিতাক দিল্লীৰ ৰাজপথত পেলাই থৈ যোৱা হৈছিল ৷ নিৰ্যাতিতাৰ সৈতে একেখন বাছত থকা বন্ধুগৰাকীকো মাৰধৰ কৰি পথত পেলাই দিয়ে অপৰাধীকেইজনে ৷ পিছত ছিংগাপুৰৰ এখন চিকিৎসালয়ত মৃত্যুমুখত পৰে নিৰ্যাতিতাগৰাকী ৷
ইফালে কাণ্ডটোত জড়িত ছজন অপৰাধীৰ এজনক আদালতে নাবালক হোৱাৰ পৰিপ্ৰেক্ষিতত জুভেনাইল হোমলৈ প্ৰেৰণ কৰাৰ বিপৰীতে ৰাম সিং নামৰ অপৰাধীজনে কাৰাগাৰৰ কোঠালীত আত্মহত্যা কৰে ৷ নাবালক অপৰাধীজন তিনিবছৰ জুভেনাইল হোমত থকাৰ পিছত জামিন লাভ কৰে ৷ নিম্ন আদালতৰ পৰা আৰম্ভ হোৱা নিৰ্ভয়া কাণ্ডৰ গোচৰে আদালতৰ মজিয়া অতিক্ৰমী ৰাষ্ট্ৰপতিৰ কাষ পায় ৷ কিন্তু ৰাষ্ট্ৰপতিয়ে সকলো ক্ষমা আবেদন নাকচ কৰাৰ পিছত অৱশেষত শুকুৰবাৰৰ দিনটোত এই অধ্যায়ৰ যৱনিকা পৰে ৷ উল্লেখ্য যে, সকলো আবেদন নাকচৰ পিছত 5 মাৰ্চৰ দিনটোত ফাঁচিৰ বাবে 20 মাৰ্চৰ দিনটো ধৰ্য কৰা হৈছিল ৷ সেইমৰ্মে অভিযুক্ত মুকেশ সিং(32), পৱন গুপ্তা(25), বিনয় শৰ্মা(26) আৰু অক্ষয় কুমাৰ সিঙ(31) ক ফাঁচি দিয়ে তিহাৰ কাৰাগাৰ কৰ্তৃপক্ষই ৷
লগতে চাওকঃ অৱশেষত ফাঁচীকাঠত ওলমিল নিৰ্ভয়াৰ চাৰি দোষী