লুধিয়ানা,২১ ডিচেম্বৰ : লুধিয়ানাৰ গণ ধৰ্ষণত জড়িত পাঁচগৰাকী অভিযুক্তৰ ভিতৰত চাৰিগৰাকীক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷ বিগত ১৮ ডিচেম্বৰত লুধিয়ানাত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড ৷
দেওবাৰে মাজ নিশা অভিযুক্তসকলৰ বিৰুদ্ধে স্থানীয় আৰক্ষী চকীত গোচৰ ৰুজু কৰা হৈছিল ৷ এই গোচৰৰ ভিত্তিতে চাৰিগৰাকী অভিযুক্তক আটক কৰা হয় ৷ নিৰ্যাতিতাক ইতিমধ্যে স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি লুধিয়ানাৰ উপ আৰক্ষী অধীক্ষক গুৰবংশ সিঙে প্ৰকাশ কৰে ৷
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ধৰ্ষণৰ বলি হোৱা মহিলাগৰাকী পেচাত এগৰাকী মেহেন্দী শিল্পী ৷ মহিলাগৰাকীক ফোনযোগে কোনোৱে এখন বিয়াৰ বাবে মেহেন্দী আঁকিবলৈ মাতি নিয়ে ৷ মহিলাগৰাকীয়ে এই কামৰ বাবে গৈ থকা অৱস্থাত ধৰ্ষণৰ বলি হয় ৷ দাখাৰ মণ্ডিয়নী গাঁৱৰ এটা পৰিত্যক্ত ঘৰত মহিলাগৰাকীক ধৰ্ষণ কৰে পাঁচটাকৈ দুৰ্বৃত্তই ৷
লগতে পঢ়ক : জ্যেষ্ঠ কংগ্ৰেছ নেতা মতিলাল বোৰাৰ দেহাৱসান