ETV Bharat / bharat

গণতন্ত্ৰই এফালেৰে দেশখনক মজবুত কৰিছে আৰু এফালে ফোঁপোলা কৰিছেঃ অশ্বিনী কুমাৰ - সংবিধানৰ পৱিত্ৰতা

ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী অশ্বিনী কুমাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত বৰ্তমান ভাৰতীয় সংবিধানৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত মন্তব্য প্ৰদান ৷

গণতন্ত্ৰই এফালেৰে দেশখনক মজবুত কৰিছে আৰু এফালে ফোঁপোলা কৰিছেঃ অশ্বিনী কুমাৰ
author img

By

Published : Nov 25, 2019, 4:32 PM IST

নতুন দিল্লী, 25 নৱেম্বৰঃ ভাৰতবৰ্ষই 26 নৱেম্বৰত সংবিধান দিৱস হিচাপে পালন কৰে ৷ 1949 চনৰ 26 নৱেম্বৰত ভাৰতীয় সংবিধান গৃহীত কৰা হৈছিল ৷

এই সন্দৰ্ভত ভাৰতৰ প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী অশ্বিনী কুমাৰে ইটিভি ভাৰতৰ সাংবাদিকৰ আগত বৰ্তমান ভাৰতীয় সংবিধানৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত মন্তব্য প্ৰদান কৰে ৷

সংবিধানৰ পৱিত্ৰতা

সংবিধানৰ পৱিত্ৰতা বিগত কিছু বৰ্ষত শেষ হোৱা বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভাৰতৰ জনসংখ্যাৰ বেছিভাগ নাগৰিকেই সংবিধানৰ পৱিত্ৰতা আৰু তাৰ মুল্যক শ্ৰদ্ধা কৰে ৷ কিন্তু তাৰ মাজতো কিছু কিছু ক্ষেত্ৰত ইয়াৰ উলংঘন নোহোৱা নহয় ৷

আনহাতে তেওঁ কয় যে সংবিধানৰ পৱিত্ৰতা আৰু অখণ্ডতাৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ কাৰণ কেৱল ৰাজনৈতিক কাৰণতহে হৈছে ৷ নিৰ্বাচনী লাভালাভৰ বাবে সংবিধানৰ নীতি বহিৰ্ভুত হৈছে ৷

গণতন্ত্ৰই এফালেৰে দেশখনক মজবুত কৰিছে আৰু এফালে ফোঁপোলা কৰিছেঃ অশ্বিনী কুমাৰ

সংবিধান আৰু ভাৰতৰ বৈচিত্ৰতা

অশ্বিনী কুমাৰে ভাৰতৰ সংবিধানখন এক জীৱিত দস্তাবেজ বুলি অভিহিত কৰে ৷
সংবিধানৰ উদ্দেশ্য ভাৰতৰ বৈচিত্ৰতাক সংৰক্ষণ কৰা আৰু তেওঁ লগতে কয় যে আজি ভাৰতৰ স্বাধীনতাৰ 70 বছৰৰ পিচতো আমি এখন গণতান্ত্ৰিক তথা ধৰ্মনিৰপেক্ষ দেশত বসবাস কৰি আছো ৷

আনহাতে তেওঁ কয় যে ভাৰতৰ সংবিধানৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ল সংবিধানৰ প্ৰকৃত নীতি-আদৰ্শক অৱজ্ঞা কৰাটো ৷

সংবিধান আৰু গণতন্ত্ৰ

দেশৰ বৰ্তমানৰ গণতান্ত্ৰিক অৱস্থাৰ বিষয়ে তেওঁ কয় যে নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰৰ ওপৰত আমি প্ৰশ্ন কৰিব নোৱাৰো আৰু গণতন্ত্ৰ ভাৰতৰ এক আলোচনামুলক অংশ ৷ লগতে তেওঁ কয় যে সময়ে ভাৰতৰ গণতান্ত্ৰিক গুণৱতাৰ বিষয়ে বাখ্যা আগবঢ়াব ৷

ইয়াৰ লগতে তেওঁ কয় যে গণতন্ত্ৰই এফালেৰে দেশখনক মজবুত কৰিছে আৰু এফালে ফোঁপোলা কৰিছে ৷

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী অশ্বিনী কুমাৰে ভাৰতৰ ৰাজনীতিয়ে গণতন্ত্ৰৰ সেই মৰ্যদাক হেৰাই পেলাইছে যি 60 তথা 70ৰ দশকত আছিল ৷

আৰু পঢ়কঃযোৰাবাটত পথ দুৰ্ঘটনা, নিহত দুই স্কুটী আৰোহী

Intro:Body:

Ashwaini Kumar

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.