নেশ্যনেল ডেস্ক, 1 আগষ্ট : প্ৰাক্তন সমাজবাদী পাৰ্টিৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ অমৰ সিঙৰ 64 বছৰ বয়সত আজি পৰলোকপ্ৰাপ্তি ঘটে ৷ যোৱা 7 মাহৰ পৰা ছিংগাপুৰৰ মাউন্ট এলিজাবেথ হাস্পতালত তেওঁ চিকিৎসাধীন হৈ আছিল ৷
2013 চনত ডুবাইৰ এখন চিকিৎসালয়তে সিঙৰ বৃক্ক বিকল হৈ পৰিছিল ৷ ইয়াৰ পাচতে তেওঁৰ বৃক্কৰ প্ৰত্যাৰোপন কৰা হৈছিল ৷ অমৰ সিঙে পত্নী পাকিজা আৰু দুই কন্যাক ইহ সংসাৰত এৰি থৈ গৈছে ৷
সাংসদগৰাকীৰ মৃত্যুক গভীৰ শোকপ্ৰকাশ কৰে বিজেপিৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সুব্ৰমনিয়াম স্বামীয়ে ৷ স্বামীৰ পাচতে অমৰ সিঙৰ মৃত্যুত টুইটাৰৰ জৰিয়তে শোকপ্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু নিতীন গাডকাৰীয়ে ৷
লগতে পঢ়ক : নতুন শিক্ষা নীতি সন্দৰ্ভত কমল গৌড়ৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰ