নেশ্যনেল ডেস্ক, 29 জানুৱাৰী : প্ৰায় 1,500-2000 যোগ্য আৰু উপযুক্ত বড়ো গেৰিলা যুঁজাৰু অৰ্ধসামৰিক, সামৰিক আৰু আৰক্ষী বিভাগত যোগদান কৰিবৰ বাবে সাজু হৈ পৰিছে ৷ ভাৰতীয় সেনাত পৃথক বড়ো ৰেজিমেন্ট গঠনৰ বাবে বড়ো উগ্ৰপন্থী সংগঠনে যি দাবী জনাইছিল সেই দাবী অমান্তি কৰাৰ পাচতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
আত্মসমৰ্পনকাৰী এন ডি এফ বি সদস্যৰ লগতে বড়ো যুৱকে অসম চৰকাৰৰ হাতত নিজৰ অস্ত্ৰ-শস্ত্ৰ প্ৰদান কৰাৰ লগতে ভাৰতীয় সংবিধান নিষ্ঠাৰে পালন কৰিবলৈ সংকল্পবদ্ধ হয় ৷
এন ডি এফ বিৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰীয়ে ইটিভি ভাৰতৰ সৈতে ফোনেৰে হোৱা বাৰ্তালাপত কয় এই কথা জানিবলৈ দিয়ে৷ তেওঁ লগতে কয়, "আমাৰ যিসকল যুৱকে জাতি ৰক্ষাৰ স্বাৰ্থত নিজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনি পাৰ কৰিলে সেইসকলে চৰকাৰৰ চাকৰিৰ লগতে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ সুযোগ লাভ কৰিব ৷ ইয়াৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব ৷"
উল্লেখ্য যে, বসুমতাৰী হৈছে কেন্দ্ৰ, অসম চৰকাৰ আৰু এন ডি এফ বি সহিতে বহুকেইটা বড়ো সংগঠনৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজিৰ চুক্তিৰ (MoS) অন্যতম স্বাক্ষৰকাৰী ৷
ইয়াৰ পূৰ্বে সীমান্ত সুৰক্ষা বলত (BSF) প্ৰাক্তন নগা বিদ্ৰোহীয়ে যোগদান কৰাৰ উদাহৰণ আছে ৷
বসুমতাৰীয়ে কয়, "যোগ্য আৰু উপযুক্ত সকলে অৰ্ধসামৰিক বাহিনী আৰু সামৰিক বাহিনীত নিযুক্তি লাভ কৰিব ৷ এই প্ৰক্ৰিয়া অতি সোনকালে আৰম্ভ কৰিব লাগে বুলি আমি আশা কৰিলো ৷"
বড়ো সংগঠন সমূহে এতিয়াও অসমৰ পৰা পৃথক ৰাষ্ট্ৰৰ দাবী কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত বসুমতাৰীয়ে কয় যে, এতিয়া পৃথক ৰাষ্ট্ৰৰ কোনো প্ৰয়োজন নাই ৷
তেওঁ কয়, "আমাক যি প্ৰদান কৰা হ'ল তাক লৈ আমি সন্তুষ্ট ৷ এতিয়া প্ৰদান কৰাবোৰ পৃথক ৰাষ্ট্ৰ প্ৰদান কৰাৰ সমানেই ৷ আমাৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সমূহ সংৰক্ষণ কৰা হ'ব বুলি চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷ এই চুক্তিৰ জৰিয়তে সাধাৰণ নাগৰিক হিচাপে জীয়াই থকাৰ লগতে আমাৰ অঞ্চলত শান্তি আৰু সমৃদ্ধিৰ ওপৰত দৃষ্টি ৰাখিম ৷"
আৰু পঢ়ক : মহাৰাষ্ট্ৰৰ নাচিকত দুৰ্ঘটনা, নিহত 25