নিউজ ডেস্ক, ৫ জুনঃ কেৰালা বন বিভাগে বৃহস্পতিবাৰে উদ্ধাৰ কৰে এটা আঘাতপ্ৰাপ্ত জংঘলী হাতী । চাইলেণ্ট ভেলীৰ তৰফৰ পৰা আহি থকা অৱস্থাতে নিলাম্বুৰ দক্ষিণ ডিভিজনত উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত হাতীটোক । কেৰালাৰ বন মন্ত্ৰী কে ৰাজুয়ে বৃহস্পতিবাৰে ছ'চিয়েল মিডিয়াত বন বিভাগৰ লোকে সংকটজনক অৱস্থাত হাতীটো উদ্ধাৰ কৰা ফটো পোষ্ট কৰে ।
উল্লেখ্য যে, কেৰালাত গৰ্ভৱতী হাতীক আনাৰসৰ ভিতৰত ফটকা ভৰাই খাবলৈ দি মৃত্যু মুখলৈ ঠেলি দিয়াৰ পাচতে এনেদৰে আন এটা হাতী সংকটজনক অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্যখনত ।
আনহাতে,কেৰালা বন বিভাগে উদ্ধাৰ কৰা হাতীটোৰ পেটৰ তলৰ অংশত বৃহৎ আকাৰত আঘাতৰ চিন থকা লগতে হাতীটোৰ জিভাতো আঘাটৰ চিন স্পষ্ট হৈ আছে । যাৰ বাবে হাতীটোৱে খাদ্য গ্ৰহণ কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে বন বিভাগে।
লগতে চাওকঃ জম্মু কাশ্মীৰত নিৰাপত্তাৰক্ষী গুলীত নিহত উগ্ৰপন্থী !