ETV Bharat / bharat

উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে নিজামুদ্দিনত অংশগ্ৰহণকাৰী বিদেশী নাগৰিক

author img

By

Published : Jun 21, 2020, 2:21 PM IST

থাইলেণ্ডৰ ফৰিদা চিমা নামৰ এগৰাকী আবেদনকাৰীয়ে কয় যে, তেওঁ বৰ্তমান 7 মহীয়া গৰ্ভৱতী অৱস্থাত আছে আৰু মাৰ্চতে কোৱাৰান্টাইনত ৰখা হৈছিল ৷ কিন্তু, মে' মাহৰ শেষৰভাগতহে তেওঁৰ সৈতে বহু বিদেশী নাগৰিকক কোৱাৰান্টাইনৰ পৰা মুক্ত কৰি দিয়া হয় যদিও ফুৰা-চকাত নিষিদ্ধতা আৰোপ কৰি ৰখা হৈছে ৷ তেওঁক ঘৰলৈ যাবলৈ ব্যৱস্থা কৰি নিদিলে সুৰক্ষিত আৰু গৌৰৱেৰে নিজৰ পৰিয়ালৰ সৈতে সন্তান প্ৰসৱ কৰাৰ অভিজ্ঞতা আহৰণ কৰাৰ পৰা বঞ্চিত হ'ব বুলি তেওঁ মন্তব্য কৰে ৷

দিল্লীৰ নিজামুদ্দিনত আয়োজিত তাবলিগী জামাত
উচ্চতম ন্যায়ালয়ৰ কাষ চাপিলে নিজামুদ্দিনত অংশগ্ৰহণকাৰী বিদেশী নাগৰিক

নেশ্যনেল ডেস্ক, 21 জুন : দিল্লীৰ নিজামুদ্দিনত আয়োজিত তাবলিগী জামাতৰ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণকাৰী 35 খন দেশৰ বিদেশী নাগৰিক এইবাৰ কাষ চাপিছে উচ্চতম ন্যায়ালয়ৰ ৷ গৃহ মন্ত্ৰণালয়ে ব্লেকলিষ্ট কৰা এই নাগৰিকসকলে সৰ্বোচ্চ ন্যায়ালয়ত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবৰ বাবে আবেদন জনাইছে ৷

আবেদন অনুসৰি, গৃহ মন্ত্ৰণালয়ে তেওঁলোকৰ ওপৰত আৰোপ কৰা ব্লেকলিষ্ট বৰ্জন কৰাৰ লগতে তেওঁলোকৰ ভিছাসমূহ পুনৰ বাহাল ৰাখিব লাগে ৷ অধিবক্তা ফুজেইল আহমেদ আয়ুবী আৰু আছিমা মাণ্ডলাৰ দ্বাৰা এই আবেদন দাখিল কৰাৰ লগতে নিজ নিজ দেশলৈ ঘূৰি যাবলৈ বৈদেশিক মন্ত্ৰণালয়ৰ সমৰ্থন বিচাৰে ৷

তাবলিগী জামাতত অংশগ্ৰহণ কৰা বিদেশী নাগৰিকসকলৰ ঘৰলৈ ওভতাৰ ক্ষেত্ৰত গৃহ মন্ত্ৰণালয়ৰ সিদ্ধান্ত সম্পৰ্কত আবেদনখনে উত্তৰ বিচাৰে ৷ এই আবেদন অনুসৰি, "2020 চনৰ 2 এপ্ৰিলত 960 বিদেশী নাগৰিক আৰু 4 জুনত 2500 বিদেশী নাগৰিকৰ ব্লেকলিষ্টৰ ফলত অনুচ্ছেদ 21 উলংঘা কৰা হৈছে ৷ সেয়েহে এই ব্লেকলিষ্ট ব্যৰ্থ আৰু অসাংবিধানিক যিহেতু আবেদনকাৰীসকলক কোনো জাননী অথবা শুনানি বৰ্তমানলৈকে প্ৰদান কৰা হোৱা নাই ৷"

উল্লেখ্য যে, COVID-19 ৰ সময়ছোৱাত তাবলিগীত অংশগ্ৰহণ কৰা এই বিদেশী নাগৰিকসকলক 10 বছৰৰ বাবে ভাৰত ভ্ৰমণ কৰিব নোৱাৰাকৈ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ গৃহ মন্ত্ৰণালয়ে এই সম্পৰ্কত মন্তব্য কৰিছিল যে, COVID-19 ৰ সম্প্ৰসাৰণ ৰোধ কৰিবৰ বাবে ভাৰতত ঘোষণা কৰা দেশজোৰা লকডাউনৰ সময়ত এই লোকসকলে ভিছাৰ নীতি-নিয়ম উলংঘা কৰিছিল ৷

দিল্লীত অনুষ্ঠিত হোৱা তাবলিগী জামাতৰ ফলত দেশত ক্ষিপ্ৰ গতিত COVID-19 ৰ সম্প্ৰসাৰণ হোৱাৰ লগতে হটস্পট হিচাপে পৰিগণিত হৈছিল বুলি মন্তব্য কৰা হৈছিল ৷ চৰকাৰৰ মতে, দেশৰ বিভিন্ন স্থানৰ মছজিদ আৰু ধৰ্মীয় স্থানত অবৈধভাৱে বাস কৰি থকা বিদেশী নাগৰিক সকলৰ ওপৰতহে নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷

লগতে পঢ়ক : ব্যক্তিগত হাস্পতালসমূহত কোভিড-১৯ ৰোগীৰ চিকিৎসাৰ নিৰ্দেশ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.