ETV Bharat / bharat

উত্তৰ কাশ্মীৰৰ ছপ'ৰেত নিৰাপত্তা বাহিনীৰ অভিযান

author img

By

Published : Oct 15, 2020, 1:46 PM IST

উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ ছপ'ৰেত বৃহস্পতিবাৰে পুৱাৰে পৰা নিৰাপত্তা বাহিনীৰ অভিযান । সন্ত্ৰাসবাদীয়ে আশ্ৰয় লৈ থকাৰ খবৰ পোৱাৰ পিছতে ছপ'ৰেৰ গুণ্ড ব্ৰাথ অঞ্চলত তালাচী অভিযান চলায় নিৰাপত্তা বাহিনীৰ এটা দলে ।

উত্তৰ কাশ্মীৰৰ ছপ'ৰেত সীমা সুৰক্ষা বলৰ অভিযান

নেশ্যনেল ডেস্ক, ১৫ অক্টোবৰ: বৃহস্পতিবাৰে পুৱা উত্তৰ কাশ্মীৰৰ বাৰামুলা জিলাৰ ছপ'ৰেৰ গুণ্ড ব্ৰাথ অঞ্চল ঘেৰাও কৰি তালাচী চলায় নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে । সেনাৰ 22 ৰাষ্ট্ৰীয় ৰাইফলছ, অৰ্ধ সামৰিক বহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেছন গ্ৰুপে অভিযান চলাই গুণ্ড ব্ৰাথ অঞ্চলত ।

অভিযানকাৰী দলটোৱে অঞ্চলটোৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সকলো পথ ৰুদ্ধ কৰি দিয়ে । অঞ্চলটোত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱাৰ খবৰ লাভ কৰাৰ পিছতে তালাচী চলোৱা হয় বুলি প্ৰকাশ কৰিছে এগৰাকী আৰক্ষী বিষয়াই । ইয়াৰ পূৰ্বে যোৱা 10 অক্টোবৰত আৰক্ষী, সেনা আৰু অৰ্ধ সামৰিক বহিনীৰ এটা দলে দাদুৰ অঞ্চলত সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱাৰ খবৰ পোৱাৰ পিছত অভিযান চলাইছিল। সেনাই অঞ্চলটো ঘেৰাও কৰাৰ পিছতে সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰে।

প্ৰত্যুত্তৰত তালাচীৰ বাবে যোৱা দলটোৱেও গুলীচালনা কৰে। দুয়োপক্ষৰ সংঘৰ্ষত দুটা সন্ত্ৰাসবাদী নিহত হয়। সেনাই আপত্তিজনক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰও জব্দ কৰে। দক্ষিণ কাশ্মীৰত ১২ ঘণ্টাতকৈও কম সময়ৰ ভিতৰত দ্বিতীয় বাৰৰ বাবে ১০ অক্টোবৰত সংঘৰ্ষ হয়। ইয়াৰ পূৰ্বে কুলগামত অভিযানকাৰী দলে ওৰে নিশা সন্ত্ৰাসবাদীৰে সংঘৰ্ষত লিপ্ত হৈছিল আৰু দুটা সন্ত্ৰাসবাদীও নিহত হয়।

লগতে পঢ়ক:জন্ম বাৰ্ষিকী উপলক্ষে ড৹ এপিজে আব্দুল কালাম আজাদলৈ দেশবাসীৰ শ্ৰদ্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.