ETV Bharat / bharat

45 বছৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহয় চুৰাটৰ ৰামলীলা আৰু ৰাৱণ দহন - অনিল আগৰৱালা

এইবাৰ ৰামলীলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়ে ট্ৰাষ্টে কয় যে, কৰ‘ণাৰ বাবে জনসমাগম সৃষ্টি কৰিব পৰা সকলো অনুষ্ঠান বাতিল বা স্থগিত কৰা হৈছে। সেয়েহে ৪৫ বছৰত প্ৰথমবাৰৰ বাবে ৰামলীলা মঞ্চস্থ কৰা পৰ্বও বাতিল কৰা হৈছে।

For the first time in 45 years, Ramlila and Ravana Dahan program was not held in Surat
45 বছৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহয় ৰামলীলা আৰু ৰাৱণ দহন
author img

By

Published : Oct 8, 2020, 8:23 PM IST

Updated : Oct 8, 2020, 9:53 PM IST

নিউজ ডেস্ক, 8 অক্টোবৰ : চুৰাট চহৰত পৰ্দাত ৰামলীলা প্ৰদৰ্শন কৰাৰ ইতিহাস অতি পুৰণি। কিন্তু শ্ৰী আদৰ্শ ৰামলীলা ট্ৰাষ্টে ইয়াক পৰিপূৰ্ণ ৰূপ দিবলৈ যথেষ্ট অৱদান আগবঢ়াইছে ৷ কিন্তু এইবাৰ ট্ৰাষ্টে কৰ‘ণা মহামাৰীৰ বাবে ৰামলীলা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লৈছে ।

চুৰাটৰ বস্ত্ৰ উদ্যোগত বৃহৎ সংখ্যক উত্তৰ ভাৰতীয় জড়িত হৈ আছে আৰু নৱৰাত্ৰি মহোৎসৱত চুৰাটৰ প্ৰতিখন ৰাস্তাত নৱৰাত্ৰি উদযাপন কৰা হয় । আনহাতে উত্তৰ ভাৰতীয় সমাজখনে পৰম্পৰাগতভাৱে ভাৰতীয় সংস্কৃতিৰ আদৰ্শ ৰামলীলা মঞ্চত উপভোগ কৰে ৷

এইবাৰ ৰামলালা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত লোৱাৰ বিষয়ে ট্ৰাষ্টে কয় যে, কৰ‘ণাৰ বাবে জনসমাগম সৃষ্টি কৰিব পৰা সকলো অনুষ্ঠান বাতিল বা স্থগিত কৰা হৈছে। সেয়েহে ৪৫ বছৰত প্ৰথমবাৰৰ বাবে ৰামলীলা মঞ্চস্থ কৰা পৰ্বও বাতিল কৰা হৈছে ।

For the first time in 45 years, Ramlila and Ravana Dahan program was not held in Surat
45 বছৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত নহয় ৰামলীলা আৰু ৰাৱণ দহন

নৱৰাত্ৰিৰ সময়ত, উত্তৰ ভাৰতৰ প্ৰতিখন গাঁৱত ৰামলীলা মঞ্চত আয়োজন কৰা হয়। এই পৰ্ব প্ৰদৰ্শন ৪৫ বছৰ আগতে ১৯৭৫ চনত চুৰাটৰ সাগৰপুৰাৰ ছিংগাপুৰৱাড়ীত আৰম্ভ কৰা হৈছিল। ইয়াৰ পিছতে লাহে লাহে মানুহৰ কৌতুহল আৰু বিশ্বাস ৰামলীলাৰ প্ৰতি বৃদ্ধি হোৱাৰ লগে লগে ৰামলীলা আয়োজন কৰাৰ স্থান বৃদ্ধি হয়। ইয়াৰ ভিতৰত আছে অথৰ্বলাইঞ্চস্থিত চৌপাটি আৰু মোহন পাৰ্ক, তাৰ পিছত পাৰ্লে পইণ্টৰ ৰাধাকৃষ্ণ পাৰ্টি প্লট, গলডডৰ বৃন্দাৱন পাৰ্ক আৰু শেষত চুৰাট পৌৰ নিগমৰ ভেসুৰ ৰামলীলা মৈদানত দলৰ প্লট অন্তৰ্ভুক্ত হৈ আছে ।

শ্ৰী আদৰ্শ ৰামলীলা ট্ৰাষ্টৰ মন্ত্ৰী অনিল আগৰৱালাই কয় যে, ৰামলীলাৰ প্ৰস্তুতিৰ সন্দৰ্ভত নৱৰাত্ৰি মহোৎসৱৰ তিনি মাহ আগতে বৈঠক অনুষ্ঠিত হৈছিল। কিন্তু এইবাৰ কৰ‘ণাৰ প্ৰতি লক্ষ্য ৰাখি ৰামলীলা আৰু ৰাৱণ দহনৰ কাৰ্যসূচী বাতিল কৰা হৈছে। বহু বছৰ ধৰি মথুৰা আৰু বৃন্দাৱনৰ ৩৫ জন লোকৰ এটা দল ৰামলীলা কৰিবলৈ লগতে মথুৰাৰ পৰা অহা কলাকুশলী চুৰাটলৈ আহিছিল । গাজিয়াবাদৰ লোকসকলে প্ৰতি বছৰে আতচবাজীৰ বাবে চুৰাটলৈ আহে, কিন্তু এইবাৰ ৰাৱন দাহন আৰু ৰামলীলা বাতিল কৰা হৈছে ।

লগতে পঢ়ক: হাথৰছ কাণ্ড : ভুক্তভোগীৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাক লৈ সৰৱ প্ৰিয়ংকা

Last Updated : Oct 8, 2020, 9:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.