ETV Bharat / bharat

ৰাজহুৱা খণ্ডৰ বেংকৰ মুৰব্বীৰে বিত্ত মন্ত্ৰীৰ বৈঠক স্থগিত - বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

স্থগিত হ'ল বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰ্যালোচনা বৈঠক ৷ ৰাজহুৱা খণ্ডৰ বেংকৰ মুৰব্বীৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল সীতাৰমণৰ ৷

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ
ৰাজহুৱা খণ্ডৰ বেংকৰ মুৰব্বীৰে বিত্ত মন্ত্ৰীৰ বৈঠক স্থগিত
author img

By

Published : May 11, 2020, 3:55 PM IST

নেশ্যনেল ডেস্ক, 11 মে' : সোমবাৰে ৰাজহুৱা খণ্ডৰ বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া (PSBs)সকলৰ সৈতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰ্যালোচনা বৈঠক স্থগিত ৰখা হৈছে ৷ তথ্য অনুসৰি, স্থগিত ৰখা এই বৈঠকৰ নতুন দিন অতি সোনকালেই ধাৰ্য কৰা হ'ব ৷

ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে আয়োজন কৰিবলগা এই বৈঠকত COVID-19 সংকটৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত ভাৰতীয় অৰ্থনীতিৰ পুনৰুদ্ধাৰ সম্পৰ্কত বিভিন্ন দিশ আলোচনা কৰা হ'ব ৷

উল্লেখ্য যে, 27 মাৰ্চত ৰিজাৰ্ভ বেংকে 75 শতাংশ পৰ্যন্ত সুদৰ হাৰ হ্ৰাস কৰি দিয়াৰ লগতে ঋণ গ্ৰহণকাৰীক ঋণ প্ৰদানৰ বাবে তিনিমাহ সময় বৃদ্ধি কৰি দিছিল ৷

আনহাতে, ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ শক্তিকান্ত দাসে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংকৰ মুৰব্বীৰ সৈতে এক বৈঠকৰ আয়োজন কৰিছিল ৷ এই বৈঠকত অৰ্থনৈতিক পৰিস্থিতি আৰু বিভিন্ন ব্যৱস্থা গ্ৰহণ সম্পৰ্কত পৰ্যালোচনা চলোৱা হৈছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.