ETV Bharat / bharat

এয়াৰ বাবলছ চুক্তিৰ অধীনত আজিৰে পৰা আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা - ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা

কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ পুৰীয়ে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰৰ পৰা ভাৰতে আমেৰিকা, ফ্ৰান্স, জাৰ্মানী আৰু ইংলেণ্ডৰ সৈতে আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে ৷ চাৰিওখন দেশৰ মাজত এয়াৰ বাবলছ নামৰ চুক্তিৰ জৰিয়তে এইদৰে বিমানসেৱা আৰম্ভ হ'ব ৷

আজিৰে পৰা আৰম্ভ আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা
কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ পুৰী
author img

By

Published : Jul 17, 2020, 5:45 AM IST

নিউজ ডেস্ক, 17 জুলাই : শুকুৰবাৰৰ পৰা ভাৰতে চাৰিখনকৈ দেশৰ সৈতে আৰম্ভ কৰিব আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমানসেৱা ৷ কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ পুৰীয়ে এই কথা জানিবলৈ দিয়ে ৷

ভাৰতে আমেৰিকা, ফ্ৰান্স, জাৰ্মানী আৰু ইংলেণ্ডৰ সৈতে এক বিশেষ চুক্তিৰ সহায়ত আন্তঃৰাষ্ট্ৰীয় বিমানসেৱা আৰম্ভ কৰিব ৷ এয়াৰ বাবলছ নামৰ এই চুক্তিৰ দ্বাৰা ভাৰতে শুকুৰবাৰৰ পৰা আমেৰিকা আৰু ফ্ৰান্সৰ সৈতে বিমান চলাচল কৰিব আৰু জাৰ্মানী তথা ইংলেণ্ডৰ সৈতেও শীঘ্ৰেই এই সেৱা আৰম্ভ হ'ব ৷ প্ৰথম অৱস্থাত এয়াৰ ফ্ৰান্সে দিল্লী, মুম্বাই, বাংগালোৰ আৰু পেৰিচৰ মাজত 18 জুলাইৰ পৰা 1 আগষ্টলৈ 28খন বিমান চলাচল কৰিব ৷ আমেৰিকাৰ ইউনাইটেড এয়াৰলাইনছে 17 জুলাইৰ পৰা 31 জুলাইলৈ ভাৰত আৰু আমেৰিকাৰ বিভিন্ন বিমানবন্দৰৰ মাজত 18খন বিমান চলাচল কৰিব ৷ ভাৰতৰ এয়াৰ ইণ্ডিয়াই এই চুক্তিৰ অধীনত বিমান পৰিৱহন কৰিব ৷ আনহাতে ইংলেণ্ডৰ সৈতে বিমান চলাচলো শীঘ্ৰেই আৰম্ভ হ'ব আৰু এইক্ষেত্ৰত ইংলেণ্ডৰ অনুমতিৰ পিচতেই দুয়োখন দেশৰ মাজত লুফথানছা এয়াৰলাইনছে বিমান পৰিৱহন কৰিব ৷

আনহাতে অনাগত দিনত কেন্দ্ৰীয় চৰকাৰে দেশৰ ঘৰুৱা বিমান পৰিৱহন ব্যৱস্থাও বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ বৰ্তমানে দেশৰ ঘৰুৱা বিমান পৰিৱহন 45 শতাংশৰ পৰা 60 শতাংশলৈ বৃদ্ধি কৰাৰ বিষয়ে জানিবলৈ দিয়ে কেন্দ্ৰীয় অসামৰিক বিমান পৰিৱহন মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ৷

লগতে পঢ়কঃ ভাৰতত কোভিড-19ত আক্ৰান্তৰ সংখ্যাই চুলে 10 লাখৰ পৰিসংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.