ETV Bharat / bharat

ঝাৰখণ্ডত গ্ৰেপ্তাৰ ৫ মাওবাদী

author img

By

Published : Dec 27, 2020, 1:56 PM IST

ঝাৰখণ্ডৰ গুমলা জিলাত বৃহৎ পৰিমাণৰ অস্ত্ৰ শস্ত্ৰৰে সহিতে গ্ৰেপ্তাৰ কৰা হয় ৫ মাওবাদীক । আটাইকেইজনেই TPC ৰ সদস্য আছিল ।

৫ মাওবাদী গ্ৰেপ্তাৰ ঝাৰখণ্ড আৰক্ষীৰ
৫ মাওবাদী গ্ৰেপ্তাৰ ঝাৰখণ্ড আৰক্ষীৰ

নেশ্যনেল ডেস্ক, ২৭ ডিচেম্বৰ : শনিবাৰে ঝাৰখণ্ডৰ গুমলা জিলাৰ পৰা ৫ মাওবাদীক গ্ৰেপ্তাৰ কৰে ঝাৰখণ্ড আৰক্ষীয়ে । লগতে এটা পিষ্টল, সজীৱ গুলী, ৰাইফলকে ধৰি বৃহৎ পৰিমাণৰ অস্ত্ৰ - সস্ত্ৰ উদ্ধাৰ কৰে । আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি গ্ৰেপ্তাৰ হোৱা ৫ মাওবাদী তৃতীয় প্ৰস্তুতি সমিতি চমুকৈ TPC ৰ সদস্য আছিল আৰু আটাইকেইজনে ধনৰ অবৈধ বেহাৰে জড়িত আছিল । গ্ৰেপ্তাৰ হোৱা ৫ মাওবাদী ক্ৰমে প্ৰভাত মুণ্ডা, অমিত ওৰাও, ইন্দ্ৰ কিমাৰ গোপ, দিলীপ ওৰাও আৰু ৰাহুল ওৰাও । গ্ৰেপ্তাৰ হোৱা ৫ মাওবাদীৰ দলটোত আন কেবাজনো সদস্য আছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীক দেখা মাত্ৰকে পলায়ন কৰে ।

উল্লেখযোগ্য যে ঝাৰখণ্ডৰ বিছনপুৰ থানাৰ অন্তৰ্গত হেলতা গাঁৱত ২৫ ডিচেম্বৰত এই ৫ মাওবাদীয়ে অত্মগোপন কৰাৰ খবৰ লাভ কৰাৰ পাচতে ঝাৰখণ্ড আৰক্ষীয়ে অঞ্চলটো ঘেৰি লৈ অভিযান চলায় । আৰক্ষীৰ এই অভিযানত মাওবাদী কেইজনে অক্ৰমণ চলাই আৰক্ষীৰ গালৈ বোমা নিক্ষেপ কৰি পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ কৰে । ইফালে আন কেইজনে আৰক্ষীৰ কৱলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত বৰ্তমানেও অভিযান অব্যাহত আছে ।

লগতে পঢ়ক: সম্প্ৰচাৰ হ’ল প্ৰধানমন্ত্ৰী মোডীৰ বছৰৰ অন্তিমটো মন কী বাত অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.