ETV Bharat / bharat

ঝাৰখণ্ডত বজ্ৰপাতত 5 গৰাকী লোকৰ মৃত্যু

author img

By

Published : Jul 13, 2020, 12:39 AM IST

দেওবাৰে ঝাৰখণ্ডৰ ডুমকা আৰু গিৰিদিহী জিলাত বজ্ৰ পৰি পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷ আহতজনক ততালিকে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

Five killed in lightning strikes in Jharkhand
ঝাৰখণ্ডত বজ্ৰ পৰি 5 গৰাকী লোকৰ মৃত্যু

নিউজ ডেস্ক, 12 জুলাই : মহামাৰী কৰ'ণাই সমগ্ৰ বিশ্বত সন্ত্ৰাস চলাই থকাৰ মাজতে দেওবাৰে ঝাৰখণ্ডৰ ডুমকা আৰু গিৰিদিহী জিলাত বজ্ৰ পৰি পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে এজন লোক গুৰুতৰভাবে আহত হয় বুলি জানিব পৰা গৈছে ৷

দুমকা জিলাৰ মহকুমাধিপতি মহেশ্বৰ মেহতাই জনোৱা অনুসৰি, মছলিয়া থানাৰ অন্তৰ্গত মকৰমপুৰম অঞ্চলত 30 বছৰীয়া সোমলাল বেচৰা আৰু 20 বছৰীয়া ৰাজীৱ হাংসদাই এখন হোটেলত আহাৰ গ্ৰহণ কৰি থকাৰ সময়ত বজ্ৰ পৰাৰ বাবে ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে, হোটেল খনৰ মালিক 27 বছৰীয়া বুবুল দাস নামৰ লোকজন গুৰুতৰভাৱে আহত হৈছে ৷

একে সময়তে জিলাখনৰ চিকাৰীপুৰা আৰক্ষী থানাৰ অন্তৰ্গত অজনা গাঁৱত বজ্ৰ পৰাৰ ফলত 30 বছৰীয়া ৰফীক নামৰ লোকজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

আনহাতে, আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, গিৰিদিহী জিলাত 12 বছৰীয়া নিতেশ পণ্ডিত আৰু 35 বছৰীয়া কিষাণ ৰমেশ নামৰ লোক দুজনৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক : মালালা দিৱস আৰু শিক্ষাৰ অধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.