ETV Bharat / bharat

মুম্বাই-আহমেদাবাদ পথত দুৰ্ঘটনা, নিহত ৫ জন

শুকুৰবাৰে সন্ধিয়া মুম্বাই-আহমেদাবাদৰ সংলগ্ন তালাচাৰী পথত হোৱা এক দুৰ্ঘটনাত নিহত হয় ৫ জন লোক । মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

author img

By

Published : Jun 27, 2020, 5:36 PM IST

মুম্বাই-আহমেদাবাদ পথত দুৰ্ঘটনা, নিহত ৫ জন
মুম্বাই-আহমেদাবাদ পথত দুৰ্ঘটনা, নিহত ৫ জন

নেশ্যনেল ডেস্ক, ২৭ জুন : মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ মুম্বাই-আহমেদাবাদ সংলগ্ন পথত শুকুৰবাৰে সন্ধিয়া সংঘটিত হোৱা এক দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনাটোত থিতাতে ৪ জনৰ মৃত্যু হোৱাৰ বিপৰীতে এজনৰ অৱস্থা সংকটজনক হোৱাৰ পিছত তেওঁক হাস্পতালত লৈ যোৱাৰ মূহুৰ্তত এম্বুলেন্সতে মৃত্যু হয় ।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, ৫ জনীয়া লোকৰ Wagon R বাহনখন অতি দ্ৰুতগতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই মুম্বাই-আহমেদাবাদৰ সংলগ্ন তালাচাৰী পথৰ ডিভাইদাৰত খুন্দা মাৰে । বাহনখন নালাচোপাৰাৰ পৰা গুজৰাটৰ নাভচাৰী অভিমুখে গৈ আছিল ।

উল্লেখ্য যে, মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হৈছে আৰু ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিবলৈ পাঁচবিধ অস্ত্ৰ সাজু কেজৰিৱাল চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.