ETV Bharat / bharat

আগৰতলাত উত্তৰ পূবৰ দ্বিতীয়টো প্লাষ্টিকেৰে নিৰ্মিত পথ

author img

By

Published : Jan 28, 2021, 8:15 PM IST

আগৰতলাত পেলনীয়া প্লাষ্টিকেৰে আৰম্ভ হৈছে পথ নিৰ্মাণৰ কাম ৷ সমগ্ৰ উত্তৰ পূবৰ ভিতৰতে দ্বিতীয় আৰু ত্ৰিপুৰাৰ প্ৰথমটো প্লাষ্টিক নিৰ্মিত পথৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে আগৰতলাত ৷ আগৰতলা স্মাৰ্ট চিটি মিচনে পেলনীয়া প্লাষ্টিকৰ পুনৰ প্ৰয়োগৰ বাবে লোৱা পদক্ষেপৰ অংশ হিচাপে পথটোৰ নিৰ্মাণ আৰম্ভ হৈছে ৷

tripura plastic road
tripura plastic road

ত্ৰিপুৰা, 28 জানুৱাৰী: পেলনীয়া প্লাষ্টিকৰ পুনৰ প্ৰয়োগৰ বাবে আগৰতলা স্মাৰ্ট চিটি মিচনে লোৱা বিশেষ পদক্ষেপৰ অংশস্বৰূপে ত্ৰিপুৰাত প্ৰথমটো প্লাষ্টিকেৰে নিৰ্মিত পথ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে ৷

আগৰতলা স্মাৰ্ট চিটি মিচনে বিশেষকৈ পথৰ নিৰ্মাণৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ ফলতেই আগৰতলা চহৰত ওমেন কলেজ আৰু ব'ধজাঙ স্কুল সংযোগী পথটোৰ নিৰ্মাণ কাৰ্য চলি আছে ৷ মেঘালয়ৰ পাছতে উত্তৰ পূবত নিৰ্মিত এইটো হ'ব দ্বিতীয়টো প্লাষ্টিকেৰে নিৰ্মিত পথ ৷

মেঘালয়ৰ পাছতে উত্তৰ পূবত নিৰ্মিত এইটো হ'ব দ্বিতীয়টো প্লাষ্টিকেৰে নিৰ্মিত পথ

এই বিষয়ৰ ওপৰত মন্তব্য প্ৰদান কৰি আগৰতলা স্মাৰ্ট চিটি লিমিটেডৰ মুখ্য কাৰ্যবাহী বিষয়া শৈলেশ কুমাৰ যাদৱে কয় যে, পথ নিৰ্মাণৰ ক্ষেত্ৰত পেলনীয়া প্লাষ্টিকৰ প্ৰয়োগক এক অভিনৱ ধাৰণা বুলি ক'ব পাৰি ৷ বিটুমিনৰ ক্ষেত্ৰত কিছু পৰিমাণে শিলৰ প্ৰয়োগ কৰা হয় কিন্তু কাৰ্পেটিঙৰ সময়ত শিলৰ সৈতে এক বিশেষ মাত্ৰাত প্লাষ্টিকৰ প্ৰয়োগ কৰা হয় ৷

tripura plastic road
70 লাখ টকা ব্যয়েৰে পথটোৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে

ওমেন কলেজ আৰু ব'ধজাঙ স্কুল সংযোগী এই বিশেষ পথ নিৰ্মাণ প্ৰকল্পৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত যাদৱে কয় যে, এনে এক পথ ইতিপূৰ্বে মেঘালয়ত নিৰ্মিত হৈছে আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়েও আগৰতলাত এনে এটা পথ নিৰ্মাণ কৰিব বিচাৰিছে আৰু এই 700 মিটাৰ দৈৰ্ঘৰ পথটো নিৰ্মাণত মুঠ 70 লাখ টকা ব্যয় হৈছে ৷

লগতে পঢ়ক:আগৰতলাত শিক্ষকৰ প্ৰতিবাদ: 87 জন আহত, 223 গৰাকী শিক্ষকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.