ETV Bharat / bharat

আম্বালাৰ বায়ুসেনা ছাউনীত ৰখা হ'ব পাঁচখনকৈ ৰাফেল বিমান

author img

By

Published : Jul 29, 2020, 9:26 AM IST

Updated : Jul 29, 2020, 1:57 PM IST

ফ্ৰান্সৰ পৰা ৭ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি বুধবাৰে ভাৰতত অৱতৰণ কৰিব প্ৰথম পাঁচখন ৰাফেল যুদ্ধ বিমানে । বায়ু সেনাৰ মুখ্য সেনাধ্যক্ষ আৰ কে এছ ভাদুৰিয়াই আম্বালা বায়ুসেনা ছাউনীতে পৰ্যবেক্ষণ কৰিব বিমানকেইখন ৷

First batch of 5 Rafale aircraft to arrive in Ambala today
আম্বালা বায়ুসেনা ছাউনীত বিয়লি প্ৰায় 2 বজাত বিমানকেইখনে অৱতৰণ

হাৰিয়ানা, 29 জুলাই : দেশৰ বায়ুসেনাৰ লগত আজিৰে পৰা সংযুক্ত হ’ব ‘ৰাফেল’ যুদ্ধ বিমান । ফ্ৰান্সৰ পৰা ৭ হাজাৰ কিলোমিটাৰ পথ অতিক্ৰম কৰি বুধবাৰে ভাৰতত অৱতৰণ কৰিব প্ৰথম পাঁচখন ৰাফেল যুদ্ধ বিমানে । হাৰিয়ানাৰ আম্বালা বায়ুসেনা ছাউনীত বিয়লি প্ৰায় 2 বজাত বিমানকেইখনে অৱতৰণ কৰাৰ সম্ভাৱনা ৷ বায়ু সেনাৰ মুখ্য সেনাধ্যক্ষ আৰ কে এছ ভাদুৰিয়াই আম্বালা বায়ুসেনা ছাউনীতে পৰ্যবেক্ষণ কৰিব বিমানকেইখন ৷

দুৰন্ত ৰাফেল বিমানকেইখনক লৈ আম্বালা বায়ুসেনা ছাউনীত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷ বায়ুসেনা ছাউনীটোৰ পৰা 3 কিলোমিটাৰ এলেকা ন' ড্ৰ'ণ জ’ন ঘোষণা কৰা হৈছে । অৰ্থাৎ আকাশীপথৰ 3 কিলোমিটাৰ দূৰত্বত ড্ৰ’ণ নিষিদ্ধ কৰা হৈছে ৷ আম্বালা বায়ুসেনা ছাউনীৰ কাষৰীয়া 4 টা অঞ্চলত 144 ধাৰা জাৰি কৰা হৈছে ৷ ইয়াৰ উপৰি জনসমাগম আৰু বিমানকেইখন অৱতৰণৰ ছবি তোলাৰ ক্ষেত্ৰতো সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে ৷

বিয়লি প্ৰায় 2 বজাত আম্বালা বায়ুসেনা ছাউনীত অৱতৰণ কৰিব ৰাফেল বিমান

আম্বালা বায়ুসেনা ছাউনীৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত নিয়োগ কৰা হৈছে তহলদাৰী আৰক্ষীৰ দল ৷ আনহাতে অঞ্চলটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিবৰ বাবে সাধাৰণ পোছাকত থকা আৰক্ষীৰ এটা বিশেষ দলকো নিয়োগ কৰা হৈছে ৷

দুৰন্ত ৰাফেল বিমানকেইখন আম্বালা বায়ুসেনা ছাউনীতে ৰখাৰ ব্যৱস্থা কৰা হৈছে । ভাৰতীয় বায়ুসেনাক অধিক শক্তিশালী কৰি তোলাৰ বাবে ভাৰতলৈ অনা হৈছে দুৰন্ত যুঁজাৰু বিমানকেইখন ।

লগতে পঢ়ক : COVID-১৯ : ৰাজ্যত 34947 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

Last Updated : Jul 29, 2020, 1:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.