ৰাংগাৰেড্ডী,(তেলংগানা)13 নৱেম্বৰঃ বৃহস্পতিবাৰে তেলেংগানাৰ ৰাংগাৰেড্ডী জিলাৰ আই ডি এ মানখাল শিল্পাঞ্চলত থকা এটা পৰিত্যক্ত তৈল কাৰখানাত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ এই অগ্নিকাণ্ডৰ ঘটনাত অৱশ্যে কোনো লোক হতাহত হোৱা নাই বুলি জানিবলৈ দিছে তেলেংগানাৰ আৰক্ষীয়ে ৷
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত মহেশ্বৰম থানাৰ আৰক্ষী পৰিদৰ্শক এম মধুসূদনে কয় যে, অগ্নিকাণ্ড সংঘটিত হোৱা তৈল কাৰখানাটো বিগত দুবছৰ ধৰি বন্ধ হৈ আছিল ৷
বৃহস্পতিবাৰে বিয়লিৰ ভাগত চাৰে চাৰি বজাত ৰাংগাৰেড্ডীৰ আই ডি এ মানখাল শিল্পাঞ্চলৰ সমীপত থকা এটা পৰিত্যক্ত তৈল উদ্যোগত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ কাৰখানাটো বিগত দুবছৰ ধৰি পৰিত্যক্ত হৈ আছিল ৷ আৰক্ষী বিষয়া এম মধুসূদনে জনোৱা অনুসৰি এই সম্পৰ্কত কোনো গোটৰ ৰুজু কৰা নাই এতিয়ালৈকে৷ অগ্নিনিৰ্বাপক বাহিনীৰ মতে, চাৰিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে ঘটনাস্থলীত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷
অগ্নি নিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি,ঘটনাস্থলীৰ পৰা এজন ব্যক্তিক অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছে আৰু লোকজনক চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে চাওকঃ অসম আৰক্ষীত এক নৱতম সংযোজন