ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ মনিপুৰীত সম্পন্ন অৰুণাচলত শ্বহীদ হোৱা বীৰেন্দ্ৰ সিঙৰ শেষকৃত্য - আছাম ৰাইফলছৰ চুবেদাৰ নায়ক বীৰেন্দ্ৰ সিং যাদৱ

অৰুণাচল প্ৰদেশৰ চাংলাঙৰ হেটলঙত সংঘটিত হোৱা ভয়ংকৰ এম্বুশ্বত শ্বহীদ হোৱা আছাম ৰাইফলছৰ চুবেদাৰ নায়ক বীৰেন্দ্ৰ সিং যাদৱৰ নিজা বাসগৃহত সম্পূৰ্ণ সামৰিক সন্মানেৰে শেষকৃত্য সম্পন্ন কৰা হয় ৷

অৰুণাচলত শ্বহীদ হোৱা বীৰেন্দ্ৰ সিঙৰ শেষকৃত্য

author img

By

Published : Oct 7, 2020, 1:55 PM IST

নিউজ ডেস্ক, 7 অক্টোবৰ : অৰুণাচল প্ৰদেশত এনএছচিএন (আই এম) আৰু আলফা স্বাধীনৰ আক্ৰমণত শ্বহীদ হোৱা 19 আছাম ৰাইফলছৰ চুবেদাৰ নায়ক বীৰেন্দ্ৰ সিং যাদৱৰ পাৰ্থৱ শৰীৰ নিজ গাঁৱত উপস্থিত হয় ৷ গাঁওবাসীয়ে অশ্ৰুসিক্ত নয়নেৰে বীৰ শ্বহীদগৰাকীক শেষ বিদায় দিয়ে ৷

আছাম ৰাইফলছৰ চুবেদাৰ নায়ক বীৰেন্দ্ৰ সিং যাদৱ

জিলা সদৰৰ পৰা 16 কিলোমিটাৰ দুৰত অৱস্থিত নানামাউ গাঁৱৰ বাসিন্দা বীৰেন্দ্ৰ সিং যাদৱে 1985 চনত আছাম ৰাইফলছত ভৰ্তি হৈছিল আৰু 35 বছৰে দেশৰ সেৱা কৰি আহিছিল ৷ চলিত মাহৰ 20 তাৰিখে ছুটী লৈ ঘৰলৈ অহাৰ কথা আছিল যদিও অৱশেষত দেশবিৰোধী শক্তিৰে যুঁজি শ্বহীদ হৈ ঘৰলৈ উভটি আহে ৷

অৰুণাচলত শ্বহীদ হোৱা বীৰেন্দ্ৰ সিঙৰ শেষকৃত্য

মঙলবাৰে বিয়লি 3 বজাত বীৰেন্দ্ৰ সিঙৰ পাৰ্থিৱ শৰীৰ দিল্লীত উপস্থিত হোৱাৰ পিচতে তাৰ পৰাই সেনাৰ এটা দলে বিশেষ বাহনেৰে নিজ বাসগৃহলৈ লৈ আনে ৷ বুধবাৰে ৰাতিপুৱাৰ ভাগত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে বীৰেন্দ্ৰ সিং যাদৱক অন্তিম বিদায় প্ৰদান কৰে গাঁওবাসী তথা পৰিয়ালৰ লোকে ৷ শ্বহীদ বীৰেন্দ্ৰ সিং যাদৱে তিনি পুত্ৰৰ লগতে পত্নীক এৰি থৈ গৈছে ৷ শ্বহীদ বীৰেন্দ্ৰ সিং যাদৱৰ প্ৰথম পুত্ৰ বাবলু ইতিমধ্যে দেশৰ সেৱাত ব্ৰতী হৈছে আৰু এনডিআৰএফত নিয়োজিত হৈ আছে ৷

লগতে পঢ়ক : এনএছচিএন আলফাৰে ভয়াৱহ সংঘৰ্ষত শ্বহীদ আছাম ৰাইফলছৰ জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.