ETV Bharat / bharat

প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ বাবে ৰাজপথত নামিছে এজন যুৱক - প্ৰদূযণ বিহীন সমাজৰ স্বপ্ন

ইঞ্জিনিয়াৰিং ডিগ্ৰীধআৰী অভিমন্যু মিশ্ৰই সমাজক দেখুৱাইছে প্ৰদূষণ বিহীন সমাজৰ স্বপ্ন ৷ গাত প্লাষ্টিকৰ বটল আঁৰি চাফাই কৰ্মীৰ ৰূপত ৰাজপথত নামিছে উদ্যমী যুৱকজন ৷

Fight against Plastic Engineer turns into rag-picker to spread awareness
গাত প্লাষ্টিকৰ বটল আঁৰি চাফাই কৰ্মীৰ ৰূপত ৰাজপথত নামিছে এজন উদ্যমী যুৱক
author img

By

Published : Dec 15, 2019, 1:38 PM IST

নিউৈজ ডেক্স , 14 ডিচেম্বৰঃ মানৱ জীৱনৰ বাবে দৈনন্দিন জীৱনত মানুহে ব্যৱহাৰ কৰি অহা প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে মানুহক বুজাবলৈ যুঁজত নামিছে ওড়িশা এজন যুৱক ৷ ইঞ্জিনিয়াৰিং ডিগ্ৰীধাৰী এই যুৱকজনে এটা সুৰক্ষিত জীৱনৰ বাবে এটা বিলাসী চাকৰিৰ পাছত দৌৰাৰ পৰিবৰ্তে বিচাৰি লৈছে এক ব্যতিক্ৰমী জীৱন ৷ দৈনন্দিন জীৱনৰ বিলাসিতাৰ বাবে প্ৰাকৃতিক সম্পদক শেষ কৰিবলৈ ধৰা মানুহক যুৱকজনে সোঁৱৰাই দিব বিচাৰিছে প্ৰাকৃতিক সম্পদৰ ওপৰলৈ নামি অহা ভয়াৱহতাৰ কথা ৷

দুই বছৰ ধৰি অভিমন্যু মিশ্ৰ নামৰ যুৱকজনে মানুহক বুজাবলৈ চেষ্টা কৰি আহিছে অত্যাধিক প্লাষ্টিক ব্যৱহাৰৰ পৰা সৃষ্টি হ'ব পৰা ভয়ংকৰ পৰিস্থিতিৰ কথা ৷ মানুহক সজাগ কৰিবৰ বাবে নিজৰ গাত বটল আঁৰি চাফাই কৰ্মীৰ দৰে পথৰ কাষৰ প্লাষ্টিক সংৰক্ষণ কৰি চলাই গৈছে সজাগতা অভিযান ৷ মানুহৰ বাবে হাঁহিয়াতৰ পাত্ৰ হোৱাৰ পাছতো , হাজাৰ সমালোচনা এৰি যুৱকজন আগবাঢ়ি গৈছে নিজৰ উদ্দেশ্যত ৷

গাত প্লাষ্টিকৰ বটল আঁৰি চাফাই কৰ্মীৰ ৰূপত ৰাজপথত নামিছে এজন উদ্যমী যুৱক

"প্লাষ্টিক ব্যৱহাৰৰ ভয়াৱহতাৰ বিষয়ে মানুহক সজাগ কৰাটোৱেই মোৰ মুখ্য উদ্দেশ্য ৷ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে মই মোৰ শৰীৰত প্লাষ্টিকৰ বটল লগাই ৰাজহুৱা স্থানত ঘূৰি আছিলো ৷ ইয়াৰ বাবে মই মানুহৰ দ্বাৰা সমালোচিতও হৈছিলো ৷ কিন্তু এনে সমালোচনাই মোক প্ৰথমৰে পৰাই নিৰাশ কৰিব নোৱাৰিলে "-সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই কথা জানিবলৈ দিয়ে অভিমন্যু মিশ্ৰই ৷ মানুহৰ সমালোচনা স্বত্বেও অভিমন্যু নিজৰ উদ্দেশ্যৰ পৰা আঁতৰি নাহিল ৷

নিজা প্ৰচেষ্টাৰ উপৰিও বিভিন্ন NGO ৰ হৈও ব্যক্তিজনে প্লাষ্টিক বৰ্জনৰ প্ৰচাৰ চলাই আহিছে ৷ ব্যক্তিগত লাভালাভৰ বাবে নহয়, পৰিবেশৰ বাবে থকা দায়িত্ববোধৰ বাবে অভিমন্যু মিশ্ৰৰ দৰে ব্যক্তিয়ে পৰিবেশৰ বাবে যুঁজি আহিছে ৷

লগতে পঢ়কঃযোৰহাটত ব্যাপক প্ৰতিবাদ ৰাইজৰ

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.