ETV Bharat / bharat

মাৰ্কিন যুক্তৰাষ্ট্ৰত নিয়ন্ত্ৰণহীন হৈ পৰিছে কৰ'ণা আক্ৰান্তৰ ঘটনা! - FGN3-VIRUS-US-TOLL AMERICA A SPECIAL REPORT ETV BHARAT ASSAM

ক'ৰণাৰ সুবিধা লৈ আমেৰিকাত বৰ্তমান সময়ত একাংশ ব্যৱসায়ীয়ে দুৰ্ভোগ ভোগাইছে যিটো সহজভাৱে লোৱা নাই ট্ৰাম্প প্ৰশাসনে ৷ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে ৰাষ্ট্ৰপতিয়ে৷ কোনো লোকে যদি কৰ'ণাৰ সুবিধা লৈ সাধাৰণ লোকক হাৰাশাস্তি কৰে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

মাৰ্কিন যুক্তৰাষ্ট্ৰত নিয়ন্ত্ৰণহীন হৈ পৰিছে কৰ'ণা আক্ৰান্তৰ ঘটনা!

author img

By

Published : Mar 24, 2020, 9:40 AM IST

নেশ্যনেল ডেস্ক, 24 মাৰ্চঃ মাৰ্কিন যুক্তৰাষ্ট্ৰত এদিনৰ ভিতৰত 139 জন লোকৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু, জৰুৰীকালীন চিকিৎসা সেৱা সামগ্ৰী সৰবৰাহৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ৷ আমেৰিকা যুক্তৰাষ্ট্ৰতো কৰ'ণা ভাইৰাছে ভয়াৱহ ৰূপ লোৱাৰ সময়তে সাৱধানতামূলক ব্যৱস্থা হিচাপে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ক'ৰণা ভাইৰাছ ৰোধ কৰাৰ ক্ষেত্ৰত সুৰক্ষামূলক সা সৰঞ্জাম সংগ্ৰহৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ আদেশপত্ৰত স্বাক্ষৰ কৰে ৷ কিয়নো আমেৰিকাত প্ৰথমবাৰৰ বাবে এটা দিনতে 130 জন লোকৰ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হৈছে৷

FGN3-VIRUS-US-TOLL AMERICA A SPECIAL REPORT ETV BHARAT ASSAM
এদিনৰ ভিতৰত 139 জন লোকৰ কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমাৰ্কিন যুক্তৰাষ্ট্ৰত

সোমবাৰলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰত 43,700 টা কৰ'ণা ভাইৰাছৰ ঘটনা নিশ্চিত হৈছে ৷ ইয়াৰ ভিতৰত 10,000 টা ঘটনা এটা দিনতে নিশ্চিত হৈছে ৷ ৱাৰ্ল্ডমিটাৰ নামৰ কৰ'ণা ভাইৰাছ সম্পৰ্কীয় এটা ৱেবচাইটৰ তথ্য অনুসৰি আমেৰিকাত 139 জন লোকৰ কৰ'ণাত মৃত্যু হোৱাৰ বিপৰীতে সোমবাৰে নিশালৈ মৃত্যুৰ সংখ্যা 550 জনলৈ অতিক্ৰম কৰিছে ৷ কৰ'ণা সম্পৰ্কত এক নিৰ্দেশ পত্ৰত স্বাক্ষৰ কৰি ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় যে, তেওঁৰ চৰকাৰে জৰুৰীকালীন চিকিৎসা আৰু ব্যক্তিগত সুৰক্ষামূলক সৰঞ্জামৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে চেনিটাইজাৰ, মাস্ক আদিৰ ক্ষেত্ৰত অতিৰিক্ত মূল্য নিৰ্দ্ধাৰণৰ ওপৰত ব্যৱস্থা ল'ব ৷

উল্লেখ্য যে, ক'ৰণাৰ সুবিধা লৈ আমেৰিকাত বৰ্তমান সময়ত একাংশ ব্যৱসায়ীয়ে দুৰ্ভোগ ভোগাইছে যিটো সহজভাৱে লোৱা নাই ট্ৰাম্প প্ৰশাসনে ৷ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিছে ৰাষ্ট্ৰপতিয়ে ৷ কোনো লোকে যদি কৰ'ণাৰ সুবিধা লৈ সাধাৰণ লোকক হাৰাশাস্তি কৰে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷

নিউইয়ৰ্ক ষ্টেট,বিশেষকৈ নিউইয়ৰ্ক চহৰে সাম্প্ৰতিক সময়ত আটাইতকৈ নিম্নখাপৰ স্বাস্থ্য সংকটত থকা অঞ্চল হিচাপে পৰিগণিত হৈছে ৷ নৱেল কৰ'ণাৰ দ্বাৰা আক্ৰান্ত হোৱা প্ৰতি দুজন লোক আমেৰিকানৰ ভিতৰত এজন লোক নিউইয়ৰ্ক চহৰৰ বুলি প্ৰকাশ পাইছে ৷ ইয়াৰে 20,875.টা নতুন ঘটনাৰ ভিতৰত সোমবাৰে 5,085 টা নতুনকৈ ভাইৰাছ আক্ৰান্তৰ ঘটনা নিশ্চিত হৈছে৷ নিউইয়ৰ্ক চহৰত এতিয়ালৈকে 157 জন লোকৰ কৰ'ণা ভাইৰাছত মৃত্যু ঘটিছে ৷

লগতে চাওকঃ দুৰ্যোগৰ সময়ত সকলোকে এক হৈ জনতাক সহায়ৰ আহ্বান প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.