নেশ্যনেল ডেস্ক, 31 মে': অন্ধ্ৰ প্ৰদেশৰ চিত্তোৰ জিলাত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা ৷ বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱালে পিতৃ-কন্যাই ৷ দুপৰীয়া ভাগত নিজৰ ফাৰ্মৰ দিশে দুই কন্যাৰ সৈতে ওলাই গৈছিল ৰামাকৃষ্ণ নামৰ লোকজন ৷ সেই সময়তে বজ্ৰপাত পৰাৰ ফলত মৃত্যুক সাৱটিলে ৰামাকৃষ্ণ আৰু তেওঁৰ দুই কন্যা ৰামাদেৱী আৰু মীনাই ৷
ঘটনা সংঘটিত হোৱাৰ পাচতে স্থানীয় ৰাইজ উপস্থিত হৈ আৰক্ষীক অৱগত কৰে ৷ স্বামী আৰু দুই কন্যাক হেৰুৱাই অচেতন হৈ পৰে ৰামাকৃষ্ণৰ পত্নী ৷ ঘটনা সম্পৰ্কত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষী বিভাগে ৷