নেশ্যনেল ডেস্ক, ১৫ জানুৱাৰী: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই শুক্ৰবাৰে পঞ্জাৱৰ ৪ জন ব্যক্তিলৈ জাননী জাৰি কৰিছে । স্বাধীন পঞ্জাৱৰ দাবী জনাই অহা 'ন্যায়ৰ বাবে শিখ' নামৰ সংগঠনটোৰ সৈতে এই লোককেইজনৰ সম্পৰ্ক থকা সন্দেহ কৰা হৈছে । পঞ্জাৱক স্বাধীন কৰি খালিস্তান হিচাপে নামাকৰণ কৰাৰ বাবে সংগ্ৰাম চলাই আহিছে সংগঠনটোৱে ।
ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই জাননী জাৰি কৰা লোককেইজনে দিল্লীত অব্যহত থকা কৃষকৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে কৃষকক দিল্লীলৈ যোৱাৰ বাবে বাছৰ ব্যৱস্থা কৰি দিছিল । এই সন্দৰ্ভত বিস্তৃত তথ্য ৰাজহুৱা কৰাৰ পৰা বিৰত আছে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা । এতিয়ালৈকে লোককেইজনৰ নাম প্ৰকাশ কৰা নাই ।
লগতে পঢ়ক:কৃষক বিদ্ৰোহৰ অন্ত পোলাবলৈ হ'লে কৃষি আইন বাতিল কৰিব লাগিবঃ ভূপেশ বাঘেল