ETV Bharat / bharat

দিল্লীত অব্য়াহত আছে কৃষকৰ প্ৰতিবাদ - ৰাজেশ টিকাইটৰ নেতৃত্বত দিল্লী সীমান্তত অব্য়াহত আছে ভাৰতীয় কৃষকৰ প্ৰতিবাদ

ৰাজেশ টিকাইটৰ নেতৃত্বত দিল্লী সীমান্তত অব্য়াহত আছে ভাৰতীয় কৃষকৰ প্ৰতিবাদ । ইয়াৰ মাজতে গাজিয়াবাদ প্ৰশাসনে ইউ পি গেটৰ প্ৰতিবাদস্থলী খালী কৰাৰ অন্তিম নিৰ্দেশনা দিয়ে প্ৰতিবাদকাৰীসকলক ।

দিল্লীত অব্য়াহত আছে কৃষকৰ প্ৰতিবাদ
দিল্লীত অব্য়াহত আছে কৃষকৰ প্ৰতিবাদ
author img

By

Published : Jan 29, 2021, 2:12 PM IST

নিউজ ডেস্ক,২৯ জানুৱাৰী : শেহতীয়াকৈ কৃষক আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছে সমগ্ৰ দেশতে । দিল্লীত এই আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰাও দেখা গৈছে । আৰক্ষীয়ে ইতিমধ্য়ে প্ৰতিবাদকাৰী কৃষকক বাধা দিবলৈ বিভিন্ন ব্য়ৱস্থা গ্ৰহণ কাৰও দেখা গৈছে । কিন্তু তাৰ মাজতো দিল্লী সীমান্তত প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ অব্য়াহত ৰাখিছে । বিশেষকৈ ইউ পি গেটত কৃষক আন্দোলনৰ ফলত বৃহস্পতিবাৰে পুনৰ এক সংঘৰ্ষৰ সৃষ্টি হোৱা কথাও ইতিমধ্য়ে সকলোৱে গম পাইছে । সংঘৰ্ষৰ পিছত মাজনিশা সেই স্থান পৰিদৰ্শন কৰে গাজিয়াবাদ জিলা দণ্ডাধীশ অজয় শংকৰ পাণ্ডে আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক কালানিধি নাইথনিয়ে । লগতে উক্ত প্ৰতিবাদস্থলীত বৃহস্পতিবাৰৰ পৰাই কেইবা শ নিৰাপত্তা মোতায়েন কৰা হয় । প্ৰতিবাদকাৰীক দমন কৰিবলৈ আনকি গাজিয়াবাদ প্ৰশাসনে ইউ পি গেটৰ প্ৰতিবাদস্থলী খালী কৰাৰ অন্তিম নিৰ্দেশনা দিয়ে । কিন্তু শুকুৰবাৰৰ পুৱালৈও ভাৰতীয় কৃষক সংঘৰ শ শ সদস্য়ই দিল্লী-মিৰাট ঘাইপথতে অৱস্থান কৰা দেখা যায় ।

উল্লেখ যে ২৮ নবেম্বৰৰ পৰা ৰাকেশ টিকাইটৰ নেতৃত্বত ভাৰতীয় কৃষক সংঘৰ বহু সদস্য় ইউ পি গেটৰ প্ৰতিবাদস্থলীতে অৱস্থান কৰি আছে । প্ৰতিবাদস্থলীৰ দুয়োফালে প্ৰশাসনৰ দ্বাৰা বেৰিকেড দিয়া হৈছিল আৰু নিয়মীয়া যান বাহন চলাচলতো নিষিদ্ধ কৰা হৈছিল ।

সংঘৰ্ষৰ দিনটোত দিল্লী-মিৰাট ঘাইপথৰ প্ৰতিবাদস্থলীত দিনৰ ১ বজাৰ পৰাই টিকাইটে নেতৃত্ব দিয়া দেখা গৈছিল । ইফালে ভাৰতীয় কৃষক সংঘৰ আহ্বানত উত্তৰ প্ৰদেশৰ পশ্চিম প্ৰান্তৰ পৰা ৫০০ৰো অধিক প্ৰতিবাদকাৰীয়ে নিশাই ভিৰ কৰে ইউ পি গেট । যাৰ বাবে সেই স্থানত গধুলি সময়ত কেইবাবাৰো বিদ্য়ুৎ কৰ্তন কৰা হৈছিল ।

লগতে পঢ়ক :বিতৰ্কিত কৃষি আইন সন্দৰ্ভত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ মন্তব্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.