ETV Bharat / bharat

ফ'নীৰ অভিজ্ঞতাই NDRF ক সাহসিকতাৰে যুঁজ দিবলৈ সহায় কৰিব - ঘূৰ্ণীবতাহ ফ'নী

২০১৯ চনত হোৱা ঘূৰ্ণীবতাহ ফ'নীৰ বাবেই NDRF য়ে ছুপাৰ চাইক্ল'ন আম্ফানৰ সৈতে অধিক উদ্যমেৰে যুঁজ দিবলৈ সাহ বান্ধিছে বুলি মন্তব্য কৰে NDRFৰ সঞ্চালক প্ৰধান এছ এন প্ৰধানে । লগতে উৰিষ্যাত ২০ টা, পশ্চিম বংগত ১৯ টা টীম সাজু কৰি ৰাখিছে বুলি সদৰী কৰে সঞ্চালক প্ৰধান গৰাকীয়ে ।

আম্ফান
ফ'নীৰ অভিজ্ঞতাই NDRF ক সাহসিকতাৰে যুঁজ দিবলৈ সহায় কৰিব
author img

By

Published : May 20, 2020, 11:49 PM IST

নিউজ ডেস্ক, ২০ মে': বিগত বৰ্ষৰ ঘূৰ্ণীবতাহ ফ'নীৰ অভিজ্ঞতাৰ পৰাই এইটো অনুমান কৰিব পাৰি NDRF য়ে ছুপাৰ চাইক্ল'ন আম্ফানৰ সৈতে অধিক উদ্যমেৰে যুদ্ধ কৰিবলৈ সক্ষম হ'ব । বুধবাৰে এই মন্তব্য কৰে NDRFৰ সঞ্চালক প্ৰধান এছ এন প্ৰধানে । প্ৰয়োজন অনুসৰি NDRF বাহিনীয়ে গছ কটাৰ পৰা পোষ্ট লগোৱা কামলৈকে কৰিবলৈ সাজু বুলিও মন্তব্য কৰে সঞ্চালক গৰাকীয়ে ।

আম্ফান
ফ'নীৰ অভিজ্ঞতাই NDRF ক সাহসিকতাৰে যুঁজ দিবলৈ সহায় কৰিব

লগতে এছ এন প্ৰধানে কয় যে, আমি বৰ্তমান সমস্যাৰে যুঁজি আছো সেয়া হৈছে মহামাৰী COVID-19 আৰু ঘূৰ্ণীবতাহ । যাৰ বাবে আমাৰ জোৱান সকলে পিপিই কীট পৰিধান কৰাৰ উপৰিও সামাজিক দূৰত্ব বজাই কাম কৰি আছে ।

তাৰোপৰি কয়, ইতিমধ্যে চৰকাৰী তথ্য অনুসৰি পশ্চিম বংগৰ পৰা ৫ লাখ আৰু উৰিষ্যাৰ পৰা ১৫৮৬৪০ জন লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে ।

আনহাতে, সৈতে যুঁজ দিবলৈ NDRFয়ে উৰিষ্যাত ২০ টা, পশ্চিম বংগত ১৯ টা টীম সাজু কৰি ৰাখিছে বুলি সদৰী কৰে । কিয়নো এই দুইখন ৰাজ্যতে ঘূৰ্ণীবতাহ অম্ফানৰদ্বাৰা অধিক ক্ষতিগ্ৰস্থ হোৱাৰ সম্ভৱনা অধিক ।

উল্লেখ্য যে, ৪ মে' ২০১৯ চনত হোৱা ফ'নীৰ বাবেই পশ্চিম বংগৰ তটীয় অঞ্চল, বাংলাদেশ আৰু উৰিষ্যাত ৮৫ ৰো অধিক লোকৰ মৃত্য়ু হয় । লগতে কোটি কোটি টকাৰ সম্পত্তিৰ ক্ষতিসাধন হয় ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.