ETV Bharat / bharat

বিয়া পাতি ৬.২৬ লাখ টকাৰ জৰিমণা ভৰিলে দৰাৰ পৰিয়ালে

author img

By

Published : Jun 29, 2020, 12:20 AM IST

লক্ ডাউনৰ মাজতে এখন বিয়াৰ বাবে ৬.২৬ লাখ টকাৰ জৰিমণা ভৰিব লগা হ'ল দৰাৰ পৰিয়ালে । কোভিড-১৯ ৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে ১৩ জুন তাৰিখে বিয়াৰ আয়োজন কৰি ২৫০ জন আত্মীয়ক বিয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে জৰিমণা ভৰোৱা হৈছে পৰিয়ালটিক । ভীলবাড়া জিলাত সংঘটিত হৈছে ঘটনাটো ।

family-fined-over-lavish-wedding-groom-and-15-others-get-coronavirus

নিউজ ডেস্ক, ২৮ জুন : লক্ ডাউনৰ মাজতে এখন বিয়াৰ বাবে ৬.২৬ লাখ টকাৰ জৰিমণা ভৰিব লগা দৰাৰ পৰিয়ালে । কোভিড-১৯ ৰ সন্ত্ৰাস অব্যাহত থকাৰ মাজতে ১৩ জুন তাৰিখে বিয়াৰ আয়োজন কৰি ২৫০ জন আত্মীয়ক বিয়ালৈ আমন্ত্ৰণ জনোৱাৰ উদ্দেশ্যে জৰিমনা ভৰোৱা হৈছে পৰিয়ালটিক । ভীলবাড়া জিলাত সংঘটিত হৈছে ঘটনাটো ।

জানিব পৰা মতে, উক্ত বিয়াখনত অংশগ্ৰহণ কৰা এজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে আৰু দৰা সহিতে ১৫ জন ব্যক্তিৰ বৰ্তমান কোভিড-১৯ ৰ পৰীক্ষণ কৰা হৈছে । তেওঁলোকে পুনৰ জনোৱা অনুসৰি, দৰাৰ ককা-আইতাকৰ ইতিমধ্যে কোভিড-১৯ ৰ বাবে মৃত্যু হৈছে, খুড়া-খুড়ীয়েকে বৰ্তমান পৰীক্ষণ কৰিছে কিন্তু সৌভাগ্য ক্ৰমে ১৭ জন পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে ।

এখন ব্যতিক্ৰমী বিয়া, ৬.২৬ লাখ টকাৰ জৰিমণা ভৰিলে দৰাৰ পৰিয়ালে

ইতিমধ্যে আক্ৰান্ত লোক কেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু নিগেটিভ অহা লোক কেইজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে ।

উক্ত ঘটনাৰ পিচত ৰাজ্য চৰকাৰে ৬.২৬ লাখ টকাৰ জৰিমণা ভৰোৱাৰ লগতে সংক্ৰমিত লোক কেইজনৰ চিকিৎসাৰ সকলো খৰচ বহন কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে । জিলাখনৰ দণ্ডাধীশ ৰাজেন্দ্ৰ ভট্টই ৩ দিনৰ ভিতৰত উক্ত টকা মুখ্যমন্ত্ৰীৰ সাহাৰ্য নিধিত জমা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । লগতে, মহামাৰী অধিনিয়মৰ অধীনত আগন্তুক দিনৰ খৰচো পৰিয়ালৰ লোকে বহন কৰিব লাগিব বুলি নিৰ্দেশ প্ৰদান কৰে । উল্লেখযোগ্য যে, দৰাৰ পৰিয়ালে সামাজিক দুৰত্ব মানি নচলাৰ লগতে মাস্ক পৰিধান নকৰাৰ লগতে চৰকাৰী নীতি-নিৰ্দেশনা পালন কৰা নাছিল ।

লগতে পঢ়ক : কোকৰাঝাৰত মুণ্ডহীন মহিলাৰ মৃতদেহক লৈ তীব্ৰ চাঞ্চল্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.