ETV Bharat / bharat

চৰকাৰে শীঘ্ৰেই পূঁজি ঘোষণা কৰিব : গাডকাৰী

author img

By

Published : May 11, 2020, 11:41 PM IST

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰা অনুসৰি, আগন্তুক দুই-তিনিদিনৰ ভিতৰত তেওঁ চৰকাৰৰ পৰা এটা পূঁজি ঘোষণা হ'ব পাৰে বুলি আশাপ্ৰকাশ কৰিছে ।

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী
কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী

নিউজ ডেস্ক, ১১ মে' : কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে কয় যে, আগন্তুক দুই-তিনিদিনৰ ভিতৰত তেওঁ কেন্দ্ৰৰ পৰা বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এক সাহাৰ্য পূঁজি আশা কৰিছে । ৰিজাৰ্ভ বেংকে ঋণৰ ক্ষেত্ৰত তিনিমাহৰ সময় প্ৰদান কৰাৰ সময়তে গাডকাৰীয়ে এই সাহাৰ্য পূঁজিৰ বিষয়ে উল্লেখ কৰে ।

কেন্দ্ৰীয় পথ পৰিৱহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে উদ্যোগৰ সৈতে ঠিয় দিছে কিন্তু উদ্যোগবোৰে চৰকাৰৰ সীমাৱদ্ধতা বুজি পোৱা উচিত । চৰকাৰে যিমান সম্ভৱ পাৰি সিমান কাম কৰি আছে । জাপান আৰু আমেৰিকাই পূঁজি ঘোষণা কৰাটো, ভাৰতৰ তুলনাত তেওঁলোকৰ বৃহৎ অৰ্থনীতিৰ বাবে সম্ভৱ হৈছে ।

তেলেংগানাৰ উদ্যোগপতিৰ সৈতে ভিডিঅ' কনফাৰেন্সত অংশগ্ৰহণ কৰি, মন্ত্ৰীগৰাকীয়ে কয় যে, কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে আয়কৰ আৰু জিএছটি ৰিটাৰ্ণ ৰাজ্যসমূহক প্ৰদান কৰাৰ ক্ষেত্ৰত কাম কৰি আছে, যাতে কৰদাতাসকলে বেংক একাউন্টৰ সহযোগত প্ৰত্যক্ষভাৱে তেওঁলোকৰ টকাসমূহ লাভ কৰিবলৈ সক্ষম হয় । মন্ত্ৰীগৰাকীয়ে অতি ক্ষুদ্ৰ, সৰু আৰু মধ্যমীয়া এন্টাৰপ্ৰাইজ আৰু উদ্যোগসমূহে সন্মুখীন হোৱা সমস্যাসমূহ প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ সৈতে আলোচনা কৰিছে । আগন্তুক ২-৩ দিনৰ ভিতৰত চৰকাৰে এই বিষয়ত কিবা ঘোষণা কৰিব পাৰে বুলি উল্লেখ কৰে ।.

লগতে পঢ়কঃ লক্ ডাউনে জুৰুলা কৰা সৰু সৰু মানুহৰ সংগ্ৰামী যাত্ৰাৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.