ETV Bharat / bharat

20 মাৰ্চৰ পুৱা 5.30 বজাঃ নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ বাবে নতুন সময় ঘোষণা আদালতৰ - নিৰ্ভয়া গেং ৰেপ়

ৰষ্ট্ৰপতি ৰামনথ কোবিন্দে পৱনৰ ক্ষমাদান আৱেদন নাকচ কৰাৰ পাছতেই ফাঁচিৰ হুকুম কাৰ্যকৰী কৰিবলৈ নতুন তাৰিখ ঘোষণা কৰিবলৈ আৱেদন জনাইছিল দিল্লী চৰকাৰ আৰু তিহাৰ জেল কতৃপক্ষই ৷

Execution of Nirbhaya convicts rescheduled for March 20
নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ বাবে নতুন সময় ঘোষণা আদালতৰ
author img

By

Published : Mar 5, 2020, 7:19 PM IST

দিল্লী, 5 মাৰ্চঃ দিল্লীৰ আদালতে বৃহস্পতিবাৰে নিৰ্ভয়া গেং ৰেপ আৰু হাত্য়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ বাবে 20 মাৰ্চৰ পুৱা 5.30 বজাত নতুন সময় নিৰ্ধাৰণ কৰিছে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণা বিচাৰ পীঠে প্ৰদান কৰিছে এই ৰায়দান ৷

ন্যায়ালয়ৰ এই নিৰ্দেশনাক স্বাগতম জানই নিৰ্ভয়াৰ মাতৃয়ে কয় যে, "ফাঁচিৰ নিৰ্দেশ ইতিমধ্য়ে তিনিবাৰ পিছুৱাই দিয়া হৈছে ৷ মই তেতিয়াহে সন্তষ্ট হ'ম যেতিয়া সিঁহত ফাঁচি কাঠত ওলমিব ৷"

আজিৰ ন্যয়ালয়ৰ কাৰ্যক্ৰমণিকা কালছোৱাত, অতিৰিক্ত চৰকাৰী অধিবক্তা ইৰফান আহমেদে আদালতত কয় যে, যিহেতু চাৰি দোষীৰ সকলো আইনী প্ৰতিকাৰ শেষ হৈছে গতিকে তেওঁলোকক ফাঁচিৰ বাবে নতুন তাৰিখ ঘোষণা কৰিব লাগে ৷

Execution of Nirbhaya convicts rescheduled for March 20
নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ বাবে নতুন সময় ঘোষণা আদালতৰ

দোষীৰ পক্ষে যুক্তি প্ৰদৰ্শন কৰি অধিবক্তা এ পি সিঙে চৰি দোষী বিনয়, আক্ষয়, মুকেচ আৰু পৱনৰ সৈতে মত বিনিময় কৰিবলৈ অধিক সময় বিচাৰিছিল আদালতৰ পৰা ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.