ETV Bharat / bharat

অসম চুক্তিৰ 6নং দফা কাৰ্যকৰী কমিটিৰ সকলো পৰামৰ্শ বলৱৎ হ'ব: গৃহ ৰাজ্য মন্ত্ৰী - অসম চুক্তিৰ 6নং দফা কাৰ্যকৰী কমিটিৰ সকলো পৰামৰ্শ বলৱৎ হ'ব: গৃহ ৰাজ্য মন্ত্ৰী

সংশোধিত নাগৰিকত্ব আইন সন্দৰ্ভত কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী জি. কিষাণ ৰেড্ডীৰ সৈতে বিশেষ সাক্ষাৎকাৰ ৷ উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, নাগৰিকত্ব সন্দৰ্ভত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে এখন কমিটি গঠন কৰা হৈছে ৷ এই কমিটিৰ প্ৰতিবেদন অনুসৰি অসমৰ সমস্যা চৰকাৰে সমাধান কৰিব ৷ অসমৰ জনতাক সুৰক্ষা দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব ৷

EXCLUSIVE INTERVIEW WITH G. KISHAN REDDY ABOUT CAA
অসম চুক্তিৰ 6নং দফা কাৰ্যকৰী কমিটিৰ সকলো পৰামৰ্শ বলৱৎ হ'ব: গৃহ ৰাজ্য মন্ত্ৰী
author img

By

Published : Dec 20, 2019, 7:08 PM IST

নেশ্যনেল ডেস্ক, 20 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি. কিষাণ ৰেড্ডীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ তেখেতে কয় যে,কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে বাৰে বাৰে দুয়োখন সদনতে আইন খনৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিছে ৷ কিন্তু সংখ্যালঘু সকলক একাংশই ধৰ্মৰ নাম লৈ বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে ৷ তেওঁলোকে ভুৱা প্ৰচাৰ কৰিছে যে,চৰকাৰে তেওঁলোকৰ বিপক্ষে এই আইনখন আনিছে আৰু এইদৰে জনসাধাৰণক ৰাজপথলৈ উলিয়াই আনিছে ৷ কংগ্ৰেছৰ দিনত বিভিন্ন স্থানত ধৰ্মীয় আৰু গোষ্ঠী সংঘৰ্ষ সংঘটিত হৈছিল ৷ কিন্তু বিজেপি চৰকাৰৰ দিনত তেনে ধৰণৰ কোনো সংঘৰ্ষৰ সৃষ্টি হোৱা নাই বুলি মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ জামিয়া মিলিয়া ইছলামিয়াৰ সংঘৰ্ষৰ সন্দৰ্ভত কয় যে, এইটো এটা সাধাৰণ ঘটনা ৷ একাংশই ৰাজপথলৈ আহি সংঘৰ্ষৰ সৃষ্টি কৰি বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰে আৰু আৰক্ষীয়ে তেওঁলোকক পিচা কৰি জামিয়াৰ ভিতৰলৈ যায় ৷ তাৰ পিচত কিয় এই ঘটনা সংঘটিত হ'ল তাৰ অনুসন্ধান চলি আছে ৷ পৰিস্থিতি শান্ত হোৱাৰ পাচত ইয়াৰ উচিত তদন্ত কৰা হ'ব বুলি জানিবলৈ দিছে জি. কিষাণ ৰেড্ডীয়ে ৷

অসম চুক্তিৰ 6নং দফা কাৰ্যকৰী কমিটিৰ সকলো পৰামৰ্শ বলৱৎ হ'ব: গৃহ ৰাজ্য মন্ত্ৰী

উত্তৰ-পূৰ্বাঞ্চল তথা অসমৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, নাগৰিকত্ব সন্দৰ্ভত অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰী কৰণৰ বাবে এখন কমিটি গঠন কৰা হৈছে ৷ এই কমিটিৰ প্ৰতিবেদন অনুসৰি অসমৰ সমস্যা চৰকাৰে সমাধান কৰিব ৷ অসমৰ জনতাক সুৰক্ষা দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব ৷ আন্তঃ ৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ সন্দৰ্ভতো কমিটিৰ প্ৰতিবেদন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনায় কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীগৰাকীয়ে ৷ ভাৰতীয় নাগৰিকসকল শংকিত হোৱাৰ প্ৰয়োজন নাই বুলিও জি. কিষাণ ৰেড্ডীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃনাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদে দহিছে সমগ্ৰ দেশক

দেশৰ প্ৰতিটো প্ৰান্তৰ সংখ্যালঘু লোকসকলৰ নেতৃত্বক বিজেপি তথা চৰকাৰৰ কৰ্মকৰ্তাই সাক্ষাৎ কৰি সংশোধিত নাগৰিকত্ব আইন সম্পৰ্কে বুজাই দিব ৷ নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে বহু পূৰ্বৰ পৰা ষড়যন্ত্ৰ চলি আছে ৷ কিচু সংখ্যকে বঁটা-বাহন ওভটাই দিছে, কিন্তু সেইসকলে কেৱল কাগজতহে বঁটা ওভটাইছে, চৰকাৰক বঁটা ওভটাই দিয়া নাই ৷ গো-ৰক্ষকৰ নামতো চলিছে অত্যাচাৰ ৷ বেংকৰ ক্ষেত্ৰতো মোডী চৰকাৰক সাঙুৰি ভুৱা প্ৰচাৰ চলোৱা হৈছে ৷ এন আৰ চি অথবা সংশোধিত নাগৰিকত্ব আইনক কৈ ভাৰতীয়ই চিন্তা কৰাৰ প্ৰয়োজন নাই, ভাৰত চৰকাৰে কোনো কাৰণতে ধৰ্মৰ ভিত্তিত ভাৰতীয়ৰ নাগৰিকত্ব কৰ্তন নকৰে বুলি মন্তব্য কৰে জি. কিষাণ ৰেড্ডীয়ে ৷

লগতে চাওকঃধুবুৰীত উপস্থিত আই জি পি অনুৰাগ আগৰৱালা

Intro:Body:

EXCLUSIVE INTERVIEW WITH G KISHAN REDDY

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.