ETV Bharat / bharat

তেলেংগানাত আৰক্ষীৰে সংঘৰ্ষত দুই মাওবাদী নিহত - বাদ্ৰাদী কোথাগোদেমৰ ডিএছপি সুনিল দত্ত

সোমবাৰে বিয়লি ভাগত তেলেংগানাৰ কোথাগোদেম জিলাত আৰক্ষী আৰু মাওবাদীৰ মাজত তীব্ৰ সংঘৰ্ষত নিহত হয় দুই মাওবাদী ৷ প্ৰায় 3 বজাত চেৰলা অঞ্চলৰ পাছুগোপ্পা আৰু বাদ্দীপেটাৰ ঘন বনাঞ্চলত আৰক্ষীৰ বিশেষ বাহিনীৰ অভিযানত সৃষ্টি হয় এই সংঘৰ্ষৰ ৷

তেলেংগানাৰ কোথাগোদেম জিলা
তেলেংগানাত আৰক্ষীৰে সংঘৰ্ষত দুই মাওবাদী নিহত
author img

By

Published : Sep 8, 2020, 6:52 AM IST

নেশ্যনেল ডেস্ক, 8 ছেপ্তেম্বৰ : সোমবাৰে বিয়লি ভাগত তেলেংগানাৰ কোথাগোদেম জিলাত আৰক্ষী আৰু মাওবাদীৰ মাজত তীব্ৰ সংঘৰ্ষত নিহত হয় দুই মাওবাদী ৷ প্ৰায় 3 বজাত চেৰলা অঞ্চলৰ পাছুগোপ্পা আৰু বাদ্দীপেটাৰ ঘন বনাঞ্চলত আৰক্ষীৰ বিশেষ বাহিনীৰ অভিযানত সৃষ্টি হয় এই সংঘৰ্ষৰ ৷

তেলেংগানাত আৰক্ষীৰে সংঘৰ্ষত দুই মাওবাদী নিহত

বাদ্ৰাদী কোথাগোদেমৰ ডিএছপি সুনিল দত্তই জানিবলৈ দিয়া অনুসৰি, জিলা আৰক্ষীৰ বিশেষ শাখা আৰু অস্ত্ৰধাৰী সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ প্ৰায় 20 মিনিট ধৰি দুই দলৰ মাজত গুলীবৰ্ষণ আৰম্ভ হয় ৷ সংঘৰ্ষৰ অন্তত আৰক্ষীয়ে দুই সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰে ৷

মৃতদেহৰ পৰা আৰক্ষীয়ে কিছু বিস্ফোৰক সামগ্ৰীও উদ্ধাৰ কৰে ৷ এই সম্পৰ্কত বৰ্তমানেও অভিযান চলি আছে বুলিও জানিবলৈ দিয়ে সুনিল দত্তই ৷

দত্তৰ মতে, "আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য় লাভ কৰিছিল যে সো্মবাৰে তেলেংগানা বন্ধৰ দাবী কৰা মাওবাদী সংগঠন Telangana State Committee" of CPI য়ে সুৰক্ষা বাহিনী আৰু সাধাৰণ লোকৰ মাজত আতংক সৃষ্টি কৰাৰ পৰিকল্পনা কৰিছিল ৷ ইয়াৰোপৰি ৰাজহুৱা সা-সম্পত্তি বিধস্ত কৰাৰ লগতে সাধাৰণ লোকক আক্ৰমণৰ লক্ষ্য কৰি ল'ব বিচাৰিছিল বুলিও আমিও তথ্য় লাভ কৰিছো ৷"

উল্লেখ্য যে, দেওবাৰে নিশা সন্দেহজনক মাওবাদীয়ে চেৰলা মণ্ডলৰ তালিপেৰুৰ এক পথত আইইডি বিস্ফোৰণ সংঘটিত কৰিছিল ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.