ETV Bharat / bharat

চাৰিটা জ'নক বাদ দি তেলেংগানাত নাই কোভিড সক্ৰিয় ঘটনা

author img

By

Published : May 16, 2020, 1:14 PM IST

শনিবাৰৰ পৰা তেলেংগানাত খোলা হ'ব শীততাপ নিয়ন্ত্ৰক সামগ্ৰী বিক্ৰী কৰা দোকান, অটোম'বাইল শ্ব'ৰুম, অটোম'বাইল স্পেয়াৰ পাৰ্টছ বিক্ৰী কৰা দোকান-পোহাৰ । তেলেংগানাৰ মুখ্যমন্ত্ৰী কে. চন্দ্ৰশেখৰ ৰাওৰ অনুমতিৰ পাচতেই এই সিদ্ধান্ত । এলবি নগৰ, মালকপেট, চাৰমিনাৰ আৰু কাৰাৱান অঞ্চলৰ বাদে ৰাজ্যখনৰ অন্য ঠাইত কোভিডৰ সক্ৰিয় ঘটনা নথকাৰ কথা উল্লেখ মুখ্য়মন্ত্ৰীৰ ।

Except in 4 zones in Hyderabad, no coronavirus active cases in Telangana: KCR

হায়দৰাবাদ, ১৬ মে': শুকুৰবাৰে তেংলেংগানাৰ মুখ্যমন্ত্ৰী কে.চন্দ্ৰশেখৰ ৰাওৰ গুৰুত্বপূৰ্ণ মন্তব্য । বৰ্তমানে তেলেংগানা ৰাজ্যখনৰ চাৰিটা অঞ্চলৰ বাদে অন্য ঠাইত নাই কোভিডৰ কোনো সক্ৰিয় ঘটনা । আনুষ্ঠানিক ভাৱে এই কথা সদৰি কৰিছে স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বৰ্তমান কৰ'ণা ভাইৰাছ হায়দৰাবাদৰ চাৰিখন জ'নতেই সীমাবদ্ধ হৈ আছে । কোভিডৰ সক্ৰিয় ঘটনা থকা ঠাই সমূহ হৈছে- এলবি নগৰ, মালকপট, চাৰমিনাৰ আৰু কাৰাৱান জ'ন । মুঠ ১,৪৪২ টা পৰিয়াল বসবাস কৰি আছে এই অঞ্চল সমূহত ।

ইয়াৰ লগতে ৰাজ্যখনত লক্ ডাউন যি দৰে পৰিচালনা হৈ আহিছে বৰ্তমানো তেনেদৰেই লক্ ডাউন অব্যাহত থাকিব বুলি উল্লেখ কৰা হয় । আনহাতে দেশ জুৰি কেন্দ্ৰৰ পৰা দিয়া ১৭ মে' পৰ্যন্ত লক্ ডাউনৰ পৰিসমাপ্তিৰ পাচত কেন্দ্ৰৰ দ্বাৰা প্ৰদান কৰা নিৰ্দেশাৱলীৰ ভিত্তিতেই ৰাজ্যই পুনৰ আগন্তুক ৰণকৌশলৰ অন্তিম ৰূপ দিয়াৰ চেষ্টা চলাব বুলি কয় মুখ্য়মন্ত্ৰীগৰাকীয়ে । তেলেংগানাত পূৰ্বতেই ২৯ মে'লৈ লক্ ডাউনৰ সময়-সীমা বৃদ্ধি কৰা হৈছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে ৰাজ্য়খনত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সকলো উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে বৰ্ষা ঋতুত হ'বলগীয়া বেমাৰ সমূহকো ৰোধ কৰিবলৈ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ জাৰি কৰিছে । শুকুৰবাৰে প্ৰগতি ভৱনত এক উচ্চ-স্তৰীয় পৰ্যালোচনা বৈঠকত মিলিত হৈ এই সমূহ কথা উল্লেখ কৰে মুখ্য়মন্ত্ৰীগৰাকী ।

তেলেংগানাত কৰ'ণা ভাইৰাছত মৃত্যু হোৱা লোকৰ হাৰ হৈছে ২.৩৮ শতাংশ । আনহাতে ভাৰতৰ ক্ষেত্ৰত এই হাৰ হৈছে ৩.৫ শতাংশ ।

বৰ্তমানে তেলেংগানাৰ চাৰিটা জ'নৰ বাদে অন্য় ঠাইত কোভিডৰ সক্ৰিয় ঘটনা নাই গতিকে তেলেংগানাত শনিবাৰৰ পৰা শীত-তাপ নিয়ন্ত্ৰক সামগ্ৰী বিক্ৰী কৰা দোকান, অটোম'বাইল শ্ব'ৰুম, অটোম'বাইল স্পেয়াৰ পাৰ্টছ বিক্ৰী কৰা দোকান সমূহ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.