নিউজ ডেস্ক, 25 অক্টোবৰ: জীৱন যুঁজত অৱশেষত হাৰ মানিলে অচিনাক্ত বন্দুকধাৰীৰ গুলীত আহত হোৱা জম্মু কাশ্মীৰৰ প্ৰাক্তন উগ্ৰপন্থী তনবীৰ আহমেদ চুফীয়ে ৷ গুলীত আহত হোৱাৰ 10 দিনৰ অন্তত দেওবাৰে শ্ৰীনগৰস্থিত এচ এম এইচ এচ (SMHS) হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন উগ্ৰপন্থী গৰাকীয়ে ৷ চিকিৎসালয়ত যোৱা 15 অক্টোবৰত ভৰ্তি কৰা হৈছিল গুলিবিদ্ধ তনবীৰ আহমেদ চুফীক ৷
প্ৰয়াত উগ্ৰপন্থী গৰাকীৰ মৃতদেহ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে পুলৱামাৰ কাকাপুৰা অঞ্চলত বিৰাজ কৰে এক শোকাকুল পৰিৱেশে ৷ ইফালে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷
লগতে পঢ়কঃ মন্ত্ৰী হিমন্তক লগত লৈ পাণ্ডুৰ পূজাস্থলীত মুখ্যমন্ত্ৰী সোণোৱাল